গুৱাহাটী

লতাশিলত সম্বৰ্ধনা গ্ৰহণ কৰি হিমাই কি ক’লে, চাওক ভিডিঅ’

asomiyapratidin

ডিজিটেল ডেস্কঃ লতাশিল খেলপথাৰত আজি সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা এক অনুষ্ঠানত ৫০টাতকৈ অধিক দল-সংগঠনে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনালে স্বৰ্ণ কন্যা হিমা দাসক। ৰাইজ তথা দল-সংগঠনৰ সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ পৰিল হিমা দাস। হিমাই সম্বৰ্ধনা গ্ৰহণ কৰি কয়- দেশৰ সন্মান ৰক্ষা কৰিব পাৰিলেহে নিজৰ সন্মান ৰখিব।

আৱেগিক হৈ পৰা হিমাই লগতে দল-সংগঠনসমূহকো ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিভাসমূহ উলিয়াই আনিবলৈ আহ্বান জনায়। হিমাই কয়- ক্ৰীড়া ক্ষেত্ৰখনক সমৃদ্ধ কৰিবলৈ সকলোৰে দায়িত্ব আছে। এনেকুৱা সন্মান পাম বুলি ভবা নাছিলো বুলি কৈ হিমাই তেওঁৰ এই যাত্ৰাত ড০ পুতুল শৰ্মাৰ কষ্টৰ কথা উল্লেখ কৰে। 'জয় আই অসম' ধ্বনিৰে ভাষণ সামৰা হিমাই কি ক'লে, চাওঁক ভিডিঅ'-