গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ উচ্চশিক্ষাৰ কৰ্ষণস্থলীৰূপে খ্যাত গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা ।বিশ্ববিদ্যালয়ৰ নিৰাপত্তা বিষয়া আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ। এই অভিযোগ ১০ বছৰ ধৰি বিশ্ববিদ্যালয়ৰ চৌহদত পাণ-তামোলৰ দোকান দি অহা এগৰাকী মহিলাৰ।

জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ন্ত কলিতাই মহিলাগৰাকীৰ পৰা ধাৰে লৈছিল প্ৰায় ১৭ হাজাৰ টকা। সেই প্ৰাপ্য ধন বিচৰাত মহিলাগৰাকীক জয়ন্তই অশ্লীল প্ৰস্তাৱ দিয়ে।

এই সম্পৰ্কত মহিলাগৰাকীৰ স্বামীয়ে সোধাপোছা কৰোতেই হতাহতিত লিপ্ত হয় জয়ন্ত।পৰৱৰ্তী সময়ত জয়ন্তই নিৰাপত্তা বিষয়াৰে মিলি কৌশলগতভাৱে উঠাই নি জব্দ কৰে মহিলাগৰাকীৰ দোকানখন। নিজৰ দোকান তথা সা-সামগ্ৰীৰ বাবে নিৰাপত্তা বিষয়াক কাকূতি মিনতি কৰিও কোনো সুফল নাপায় মহিলাগৰাকীয়ে।

ইফালে, নিৰাপত্তা বিষয়া পংকজ কলিতাই আন এগৰাকী চকীদাৰৰ জৰিয়তে মহিলাগৰাকীক পুনৰ অশ্লীল প্ৰস্তাৱ দিয়াৰো অভিযোগ। এই ঘটনাৰ পাছতেই বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মন কৰিবলগীয়া যে, জয়ন্ত কলিতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বাসভৱনত চকীদাৰৰূপে কৰ্মৰত বুলি জানিব পৰা গৈছে।