গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৭ সংখ্যক দীক্ষান্ত সমাৰোহত ৬০০ শিক্ষাৰ্থীলৈ ডিগ্ৰী

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয় সপ্তবিংশতম দীক্ষান্ত সমাৰোহ ৮ আগষ্টত বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই দীক্ষান্ত সমাৰোহত উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য্য প্ৰফেচাৰ জগদীশ মুখী।

তেওঁ এই সমাৰোহত অংশ লৈ কয় যে, গুৱাহাটী বিশ্ববিদ্যালয় কেৱল অসমৰে নহয় এইখন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ তথা ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়। তেওঁ শিক্ষাৰ্থীসকলক শুভেচ্ছা দিয়াৰ লগতে অনাগত দিনত অধিক উৎসাহেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে।

এই দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহাকাশ বিশেষজ্ঞ ড০ কৃষ্ণাস্বামী কস্তুৰীৰংগান। তেওঁ ভাষণত কয় যে, ১৯৪৮ চনত স্থাপিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে পূৰ্বেৰে পৰা অসমৰ লগতে সমগ্ৰ বিশ্বতে শিক্ষাৰ এক নৱ-জাগৰণৰ জোৱাৰ তুলিছে। ইয়াৰ লগতে তেওঁ বিশ্ববিদ্যালয়খন এনেদৰে গঢ়ি তোলাৰ বাবে শিক্ষাৰ্থীসকলক তথা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ে এই বৰ্ষৰ দীক্ষান্ত সমাৰোহৰ জৰিয়তে ৮৫জনক পি এইচ ডি, ৭জনক এম. ফিল, ৪২জনক এম. এ, ৬জনক এম বি এ, এম চি জে, এম. টেক, ৬৩জনক বি. এইচ চি, ১৬জনক বি.টেক, ২৩জনক এল এল বি, ৪০জনক বি. ইকে ধৰি মুঠ ৬০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰে।

অনুষ্ঠানটোত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত আছিল। এই অনুষ্ঠানতেই প্ৰখ্যাত বৃক্ক সংৰোপণ বিশেষজ্ঞ ড০ সৰ্বেশ্বৰ চহৰীয়া আৰু মহাকাশ বিশেষজ্ঞ কৃষ্ণস্বামী কস্তুৰীৰংগানক সন্মানীয় ডি লীট, নীলপৱন বৰুৱা আৰু প্ৰয়াত নাট্য শিল্পী শুক্ৰাচাৰ্য ৰাভাক সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰে  বিশ্ববিদ্যালয়খনে।