গুৱাহাটী

পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰাখক, সোণালী জীৱন গঢ়ি তোলকঃ মহানগৰীত কেইজনমান যুৱকৰ সজাগতা অভিযান…

asomiyapratidin

ডিজিটেল ডেস্কঃ কাৰ্যালয়ৰ দেৱাল বা নতুনকৈ নিৰ্মাণ কৰা পদপথ, ডিভাইদাৰত পিক পেলাই লেতেৰা কৰা বাতৰি নতুন নহয়। বিভিন্ন সময়ত বহু সংস্থাই এনেবোৰ দিশৰ ওপৰত সজাগতা কাৰ্যসূচীও গ্ৰহণ কৰে যদিও আজিও সজাগ হোৱা নাই একাংশ লোক। কিন্তু এই ক্ষেত্ৰত শেহতীয়াকৈ মহানগৰীৰৰ কেইজনমান সচেতন যুৱকে নিজাববীয়াকৈ আৰম্ভ কৰিছে এক সজাগতা অভিযান।

বুধবাৰে এই সজাগতা অভিযানৰ অংশ হিচাপে যুৱককেইজনে মহানগৰীৰ জি এছ ৰোডত গ্ৰহণ কৰে এক কাৰ্যসূচী। গুৱাহাটীৰ তৰুণ নগৰত যুৱককেইজনে পৰিষ্কাৰ-পৰিচন্নতাৰে গুৱাহাটী মহানগৰখন গঢ়ি তোলাৰ বা্বে ৰাইজক আহ্বান জনায়। হাতে হাতে প্লে' কাৰ্ড লৈ যুৱকৰ দলটোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰাখক, সোণালী জীৱন গঢ়ি তোলক শ্লগানেৰে সকলোকে স্বচ্চতাৰ ক্ষেত্ৰত সচেতন হ'বলৈ অনুৰোধ কৰে।

উল্লেখ্য যে, কোনো সংগঠন বা সংস্থাৰ অবিহনেই এই যুৱক কেইজনে নিজাববীয়াকৈ স্বচ্চতাৰ ক্ষেত্ৰত বিগত দিনসমূহত ভালে সংখ্যক পদক্ষেপ গ্ৰহণ কৰি আহিছে। গুৱাহাটীৰ কদৰ্যময় বিভিন্ন অঞ্চলত অনাগত দিনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথায়ো সদৰি কৰে যুৱককেইজনে।