গুৱাহাটী

বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ লকডাউনৰ সময়ত ৰাজপথত যাতে অত্যৱশকীয় সেৱাৰ যান-বাহনৰ বাহিৰে অন্য কোনো বাহন চলাচল কৰিব নোৱাৰে তাক লৈ কঠোৰ হৈছে প্ৰশাসন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো আৰক্ষী তথা প্ৰশাসনৰ কঠোৰ পদক্ষেপৰ বাবে ৰাজপথত চলাচল কৰা নাই বিশেষ বাহন। উদং এনে গুৱাহাটীৰ ৰাজপথত সোমবাৰে দেখা গ'ল একাধিক ব্ৰয়লাৰ মুক্ত বিচৰণ।

পুৱাই বিভিন্ন কামত ওলাই অহা লোকে ৰাজপথত এনেদৰে ব্ৰয়লাৰ বিচৰণ দেখি আচম্বিতই হৈছিল। ৰাস্তাৰ কাষতে চৰি থকা ব্ৰয়লাৰ দেখি এজন দুজনকৈ বহুকেইজন লোক লগ হৈ ধৰাৰ বাবে চেষ্টা কৰিলে। একাংশই সন্দেহ কৰিলে যে, কোৰোনাৰ সন্ত্ৰাসৰ বাবে মাংসৰ বিক্ৰী হ্ৰাস পোৱাৰ বাবেই এনেদৰে ব্ৰয়লাৰবোৰ ৰাস্তা পেলাই গৈ গৈছে।

বহুসময় ধৰি মানুহখিনিয়ে জল্পনা-কল্পনা কৰি থাকোতেই ওলাল উৰহীৰ উৰ। আচলতে কোনোয়ে এই ব্ৰয়লা ৰাজপথত পেলাই থৈ যোৱা নাছিল। এজন লোকে বাহনৰেৰে কিছু ব্ৰয়লাৰ লৈ গৈ থকাৰ অৱস্থাতে পৰি গৈছিল বহুকেইটা কুকুৰা। শেষত যেতিয়া গৰাকীয়ে গম পালে পুনৰবিচাৰি আহি বাটে বাটে ৰৈ বুটলি নিলে ব্ৰয়লাৰকেইটা।

এই ঘটনা প্ৰত্যক্ষ কৰি থকা একাংশ লোকে আমোদ পালেও সচেতন একাংশই সন্দেহ কৰিছে মাছ-মাংসৰ বজাৰ বৰ্তমান বন্ধ আছে যদিও মহানগৰীতে কোনোবা স্থানত চলি আছে ইয়াৰ চোৰাং ব্যৱসায়। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকে বাহনৰ গৰাকীক এই কথা সুধিছিল যদিও, তেওঁ স্পষ্টকৈ কোনো কথাই প্ৰকাশ নকৰিলে। প্ৰশাসনৰ চকুত ধুলি দি কোনো অজ্ঞাত স্থানত চলা এনে চোৰাং কাৰবাৰে অনাগত সময়ত যে বিপদ মাতিব সেয়া নিশ্চিত।