গুৱাহাটী

কূটাঘাটৰ আশংকাত গুৱাহাটী ৰেল’ৱে ষ্টেচনত আৰক্ষীৰ তন্ন তন্ন তালাচী…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে গুৱাহাটী মহানগৰীত যিকোনো ধৰণৰ কুটাঘাটৰ আশংকাত আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী অভিযান। মহানগৰীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত প্ৰতিটো দুৱাৰ মুখত ৰেলৱে আৰক্ষীয়ে যাত্ৰীসকলক লগতে বেগ আদি তন্ন তন্নকৈ তালাচী কৰে।

তদুপৰি ৰেলৱে ষ্টেচন, এ চি কোঠা, যাত্ৰী জিৰণি কোঠাকে ধৰি ৰেল আদিতো জি আৰ পি এফ দলে তীব্ৰ কটকটীয়াকৈ নিৰাপত্তা বেষ্টনী গঢ়ি তোলে যাতে কুটাঘাটকাৰীয়ে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কোনো ধৰণৰ কুটাঘাট সংঘটিত কৰিব নোৱাৰে। ইফালে কুটাঘাটকাৰীয়ে গুৱাহাটীত সংঘটিত কৰাৰ চোৰাংচোৱা তথ্য লাভ কৰা পিছতে মহানগৰীৰ মালিগাঁও কামাখ্যা ৰেলৱে ষ্টেচনতো জি আৰ পিয়ে প্ৰতিগৰাকী যাত্ৰীকে প্ৰৱেশ প্ৰস্থানত তালাচী অভিযান কটকটীয়া কৰি তুলিছে ।

প্ৰতি দিনৰ দৰে সোমবাৰেও কামাখ্যা ষ্টেচন, জিৰণি কোঠাকে ধৰি এ চি কোঠা তথা ৰেলৱে ষ্টেচন কাষৰ ঠাই সমূহত আৰক্ষীয়ে স্নিফাৰ ডগ, তালাচীৰ মেচিন আদি ব্যৱহাৰ কৰি নিৰাপত্তা ক্ষীপ্ৰতৰ কৰি গঢ়ি তুলি অভিযান অব্যাহত ৰাখিছে।