গুৱাহাটী

‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সন্মানৰ প্ৰতীক চুলি খুৰাই দিলে এগৰাকী অসমীয়া মহিলাই, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মূৰৰ চুলি খুৰাই দিলে অসমীয়া মহিলাই। এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ৰান্ধনী সহায়িকা সন্থাই। গুৱাহাটীৰ ভি ভি আই ৰোডৰ চচলত পুৱা ১১ বজাৰ পৰা সাব্যস্ত কৰিছে এই প্ৰতিবাদ। প্ৰতিবাদস্থলীত বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকা সন্থাৰ এগৰাকী সদস্যাই এই অভূতৰ্পূব প্ৰতিবাদ সাব্যস্ত কৰিলে। লগতে 'তেজ দিম অসম নিদো' শ্লগান দিয়াৰ উপৰিও বাংলাদেশীৰ হুচিয়াৰ ধ্বনিত মুখৰিত হল আকাশ-বতাহ।

সৰ্বানন্দ সোণোৱাল চৰকাৰ হায় হায় ধ্বনি দি প্ৰতিবাদকাৰীসকলে কয়, অসমীয়া মানুহৰ চুলিখিনিয়ে সন্মান। আৰু আজি এই জাতীয় সংকটৰ সময়ত কিমান দুখত চুলিখনি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰিছো মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্বই বুজক। এনে অভূতৰ্পূব প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতো যদি চৰকাৰে এই প্ৰতিবাদ ভাষা নুবুজে তেনেহলে ইয়াতকৈ জংগী আন্দোলম সাব্যস্ত কৰিব বুলিও প্ৰতিবাদকাৰীয়ে সকীয়াই দিয়ে।