গুৱাহাটী

গুৱাহাটী প্ৰেছ ক্লাৱত ৰক্ত পৰীক্ষা শিবিৰ সম্পন্ন…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটী: নৱবর্ষ উপলক্ষে মহানগৰৰ সাংবাদিক সকলৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এটি স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত ৬০ গৰাকী সাংবাদিকৰ তেজৰ নমুনা সংগ্ৰহ কৰি থাইৰড, হিমগ্লবিন , ব্লাড চুগাৰ, ইউৰিক এছিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অংশগ্ৰহণকাৰী সকলৰ তেজৰ নমুনা সংগ্ৰহ কৰে এম এম চি হস্পিটেলৰ স্বাস্থ্য কর্মী খনিন ডেকা আৰু নয়ন মণি পাঠকে ।ৰক্ত পৰীক্ষাৰ প্ৰতিবেদন সমূহ সোমবাৰে আবেলি প্ৰেছ ক্লাবৰ কাৰ্যলয়ত পোৱা যাব।