গুৱাহাটী

গুৱাহাটীৰ লখৰাৰ পৰা সন্ধানহীন পলাশবাৰীৰ মহিলা…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত লখৰাত এগৰাকী মহিলাই সন্ধানহীন হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে লখৰাৰ শেনমালা গাঁৱৰ পিতাম্বৰ দাসৰ ঘৰত ৯ বছৰ ধৰি ভাড়াঘৰ লৈ বাস কৰি থকা পলাশবাৰীৰ নিৰলা কলিতা(৪০) নামৰ মহিলা গৰাকীয়ে ৫ আগষ্টৰ দিনা পৰা সন্ধানহীন হয়।

ইফালে এই ঘটনাৰ পিছতে ভাড়াঘৰৰ মালিক পিতাম্বৰ দাসে বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত গড়চুক আৰক্ষী থানাত খবৰ দিয়ে। লখৰাৰ গডৰেজ কোম্পানীত কৰ্মৰত সন্ধানহীন মহিলা গৰাকীৰ কোনো সদাশয় লোকে সম্ভেদ লাভ কৰিলে ততালিকে গড়চুক আৰক্ষী থানা অথবা ৮৪৮৬০-১৮২১৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।