গুৱাহাটী

গুৱাহাটীত ভয়ংকৰ দৃশ্য! ভূমিস্খলনৰ ফলত কেইবাঠাইতো খহিল গাৰ্ডৱাল… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ দৈনন্দিন বৰষুণৰ মাজতে গুৱাহাটী মহানগৰীত ভূমিস্খলনত আতংকিত এতিয়া মহানাগৰিক। মহানগৰীৰ শিলপুখুৰীৰ অমিয়ানগৰত পথটোৰ গাৰ্ডৱালখন ভাঙি পৰাৰ লগতে পথটোৰ এটা অংশ খহি পৰে।

ইফালে, পেভাৰ ব্লকেৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ আছিল বুলি ৰাইজে অভিযোগ কৰিছে। একেদৰে চানমাৰিৰ কেইবাটাও পথত ঠিকাদাৰৰ গাফিলতিৰ বাবে গাৰ্ডৱাল ভাঙি পৰাত অঞ্চলবাসী আতংকিত হৈ পৰিছে।

এই ভূমিস্খলন ফলত পথটোত ব্যাহত হৈ পৰে যান-বাহন চলাচল। এইধৰণৰ মৰণফাণ্ড কাণ্ড ঘটোৱা ৰাজ্য চৰকাৰৰ দুৰ্যোগ বিভাগে ঠিকাদাৰৰ মইমতালিৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।