গুৱাহাটী

সংগীত নাটক অকাডেমী সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ ”নৃত্যপৰ্ব” মহোৎসৱ, সত্ৰীয়া সংস্কৃতিৰে উদ্ভাসিত হ’ল কলাক্ষেত্ৰৰ বাকৰি

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সংগীত নাটক অকাডেমী নতুন দিল্লীৰ উদ্যোগত আৰু গুৱাহাটীৰ সত্ৰীয়া কেন্দ্ৰৰ সহযোগত চাৰিদিনীয়া বিশাল কাৰ্যসূচীৰে যোৱা ১৫ নৱেম্বৰৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত 'সত্ৰীয়া নৃত্য আৰু আলোচনাৰ ৰাষ্ট্ৰীয় বাৰ্ষিক মহোৎসৱ' "নৃত্যপৰ্ব" সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সফল সামৰণি পৰে। উল্লেখ্য যে, শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা লাভ কৰা ‌অসমৰ মহাপুৰুষীয়া কৃষ্টি সত্ৰীয়া নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে এই মহোৎসৱ আয়োজন কৰা হৈছে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধ‌ৱদেৱ প্ৰক্ষাগৃহত যোৱা ১৫ নৱেম্বৰৰ সন্ধিয়া ৫.৩০ বজাত এক গাম্ভীৰ্যপূৰ্ণ মাংগলিক অনুষ্ঠানৰ মাজেৰে গুৱাহাটীৰ সত্ৰীয়া কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক ৰতন হাজৰিকা, অধ্যক্ষ প্ৰাঞ্জল শইকীয়া, নৃত্যাচাৰ্য্য যতীন গোস্বামী আদি বিশিষ্ট নাগৰিকৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই শুভ উদ্বোধন কৰে।

মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ দেৱেন চন্দ্ৰ ভূঞা আৰু দলৰ গায়ন বায়ন প্ৰদৰ্শনেৰে মঞ্চ মুকলি কৰা এই 'নৃত্যপৰ্ব'ত চাৰিও দিনত অসমৰ বিভিন্ন সত্ৰ-নামঘৰ তথা সত্ৰীয়া সংস্কৃতি অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা অহা সৰ্বমুঠ ৮টা দলে দলীয় শাখাত গায়ন-বায়ন, ৪টা দলে ত্ৰয়ী শাখাত, ৪টা দলে দ্বৈত শাখাত আৰু ১০ জনে একক শাখাত সত্ৰীয়ানৃত্য পৰিবেশন কৰি শশ দৰ্শক তথা শ্ৰোতাক আপ্লুত কৰে। ইফালে ১৬ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ শিল্পগ্ৰাম পথৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'নৃত্যপৰ্ব'ৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰ তথা প্ৰদৰ্শনীমূলক বক্তৃতানুষ্টান'ৰ।

অধ্যক্ষৰূপে ক্ৰমে- প্ৰথিতযশা ঔপন্যাসিক লক্ষ্মীনন্দন বৰা, বিশিষ্ট সাহিত্যিক লক্ষ্মীনাথ তামুলী আৰু বিশিষ্ট গৱেষক প্ৰদীপজ্যোতি মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত আলোচনাচক্ৰত অসমৰ ৯ গৰাকী বিশিষ্ট সত্ৰীয়া শিল্পী, সত্ৰাধিকাৰ তথা গৱেষক, সাহিত্যিক আৰু অধ্য‌পক সকলে আলোচনাচক্ৰত প্ৰদৰ্শনীমূলক বক্তৃতা প্ৰদান কৰে। ইয়াৰ ভিতৰত বৰদোৱা সত্ৰৰ সত্ৰাধিকা দেব‌ানন্দদেৱ গোস্বামী, প্ৰাধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকা, বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰতিভা শৰ্মা, মুহিকান্ত বৰা বৰবায়ন, সোণাৰাম শৰ্মা বুঢ়াভকত, গোপাল চন্দ্ৰ বৰদলৈ, টংকেশ্বৰ হাজৰিকা বৰবায়ন, বিশিষ্ট সাংবাদিক সুৰজিৎ ভূঞা, সত্ৰীয়া শিল্পী তথা অধ্যাপক যাদৱ বৰা অন্যতম। চাৰিদিনীয়াকৈ সত্ৰীয়া নৃত্য, বৰগীত, খোল-তাল, বাঁহীৰ সুৱদী মাতেৰে উখল মাখল হৈ উদ্ভাসিত হৈ থকা কলাক্ষেত্ৰৰ বাকৰিত সোমবাৰে সন্ধিয়া নৃত্যপৰ্বৰ সফল সামৰণি পৰে।