গুৱাহাটী

গুৱাহাটীত ১৫০ গৰাকী লোকক খাদ্য সামগ্ৰী বিতৰণ জয়ন্ত কুমাৰ দাস নামৰ এজন লোকৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউনৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বহুলোকে নিজৰ খাদ্য সামগ্ৰীৰ অভাৱৰ সন্মুখীন হৈছে। খাদ্য সামগ্ৰীৰ সংকটৰ বাবে নোখোৱাকৈয়ে থাকিবলগীয়া হৈছে একাংশ লোক। এনে ১৫০ গৰাকী লোকক দেওবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰিলে জয়ন্ত কুমাৰ দাস নামৰ এগৰাকী সমাজকৰ্মীয়ে।

আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সন্মুখত লোকজনে বিতৰণ কৰিলে বিভিন্ন খাদ্য সামগ্ৰী। বিশেষকৈ পেট্ৰলপাম্প, নেত্ৰালয় হাস্পতালৰ নিৰাপত্তাৰক্ষী, ৰিক্সাৱালা ঠেলাৱালাসকলৰ মাজত তেখেতে এই খাদ্য সামগ্ৰী বিতৰণ কৰে।