গুৱাহাটী

গুৱাহাটীৰ ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ ফাঁচীঁ বজাৰত দেওবাৰে পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে ফাঁচীঁ বজাৰৰ আহা কেফে ৰেষ্টুৰেণ্ট খনত এই অগ্নিকাণ্ড হয় যদিও কোনো লোক আহত নহয় ।

ইফালে দোকানখনৰ গৰাকী ৰবি শৰ্মাই জনোৱা অনুসৰি ৰেষ্টুৰেণ্ট খনৰ এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ পৰা হয় বুলি প্ৰকাশ কৰে । আনহাতে অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হয় আৰু পাণবজাৰৰ অগ্নি নিৰ্বাপকে বাহিনীয়ে পিছত আহি জুই নুমাবলৈ সক্ষম হয়।