গুৱাহাটী

লকডাউনৰ পঞ্চমদিনা গুৱাহাটীৰ বিভিন্ন স্থানত পৌৰনিগম আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ছেনিটাইজেশ্যন

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ বাবে চিন্তিত সকলো লোক। যাৰ বাবে খোদ দেশৰ প্ৰধানমন্ত্ৰীয়েই ইতমধ্যে লকাডাউনৰ কথা ঘোষণা কৰিছে। কোৰোনা ভাইৰাছ যাতে ইজনৰ পৰা সিজন লোকলৈ সংক্ৰমণ নহয় তাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰৰ লগতে প্ৰশাসন। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যে ছেনিটাইজেশ্যন কৰা হৈছে। দেওবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ নেতৃত্বত গুৱাহাটীৰ কেবাটাও স্থানত ছেনিটাইজেশ্যন কৰা হয়।

বিধায়কগৰাকীৰ নেতৃত্বত গুৱাহাটী পৌৰনিগম আৰু দুৰ্যোগ প্ৰশমন বিভাগে মহানগৰীৰ লখৰাৰ পৰা পল্টন বজাৰ আৰু গড়চুকৰ পৰা ধীৰেন পাৰালৈ পথচোৱা ছেনিটাইজ কৰে। এই সময়চোৱাত এটিএম আৰু দোকানসমূহতো ছেনিটাইজ কৰা হয়।