- গুৱাহাটী ক্লাৱত ৭০ সংগঠনৰ সংকল্প সভা তথা বিজয় উৎসৱ।
- এই সভাত উপস্থিত ৭০ সংগঠনৰ নেতৃত্বৰ লগতে উপস্থিত কেইবাজনো বিশিষ্ট ব্যক্তি।
- হাইদৰ হুচেইন, মাইনী মহন্ত, অদীপ ফুকন, লোকনাথ গোস্বামী, নেকিবুৰ জামানৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত।
- ভাষণত মাইনী মহন্তই তেজ হাজৰিকাই ভাৰত ৰত্নৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰদক্ষেপৰ কথায়ো কলে ।
- ফোনেৰে তেজ হাজৰিকাৰ সৈতে কথা পতাৰ কথা কলে মাইনী মহন্তই।
- মাইনী মহন্তই কলে ' মোক তেজে কৈছে এয়া সম্পূৰ্ণ অসাংবিধানিক'।
- উল্লেখ্য যে, সুধাকন্ঠক প্ৰদান কৰা ভাৰত ৰত্ন সন্মান গ্ৰহণক লৈ অনীহা প্ৰকাশ কৰিছিল পুত্ৰ তেজ হাজৰিকাই।
- বিধেয়কৰ বিৰোধিতাৰেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল তেজ হাজৰিকাই।
- অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল এই খবৰ।