গুৱাহাটী

মহানগৰীত ফুট গধূলিতে চোৰে চলালে লুটপাত…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ । মহানগৰীৰ কুমাৰপাৰাত দেওবাৰে ফুট গধূলিতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত । জানিব পৰা মতে কুমাৰপাৰাৰ দুটা ঘৰত সন্ধিয়া গৃহস্থ নথকাত চোৰে তলা ভাঙি প্ৰৱেশ কৰি নগদ ১ লাখ টকা, দুটা মবাইল আৰু লেপটপ চুৰি কৰে।

ঘটনা সন্দৰ্ভত দুই গৃহস্থই ভৰলুমুখ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিছে যদিও চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ইফালে চোৰক বিচাৰি হাবাথুৰি খোৱা মহানগৰ আৰক্ষীৰ ২৪ ঘন্টাৰ টহলদাৰী আৰক্ষী থকাৰ পিছতো চুৰিকাৰ্য সংঘটিত কৰাটো ৰহস্যৰ সৃষ্টি কৰিছে ।