গুৱাহাটী

গুৱাহাটীৰ লালগণেশত বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীৰ বাসগৃহৰ সমীপত অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ লালগণেশত শনিবাৰে দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি দিনৰ প্ৰায় ১২:৩০ বজাত লালগণেশৰ ভৰালী পেট্ৰল পাম্পৰ ওচৰতে থকা এখন দোকানত জুই লাগিব লয়। পিছত এই জুইৰেই লেলিহান শিখাই মূহুৰ্ততে কাষৰ কেইবাখনো দোকানতে বিয়পি পৰাত প্ৰত্যক্ষ দৰ্শীয়ে লগে লগে ফটাশিল আমবাৰী আৰক্ষী থানাক অবগত কৰে।

পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুইৰ নিৰ্বাপক বাহিনীক খবৰ দিয়াত পাণবজাৰৰ পৰা অহা কেইবাখনো জুইৰ নিৰ্বাপক বাহিনী কেইবাঘন্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়। ইফালে এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত দোকানখনৰ শ্বৰ্ট চাৰ্কিটৰ পৰা সংঘটিত হয় বুলি অগ্নি নিৰ্বাপক বাহিনীয়ে জনায়। আনহাতে অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই যদিও দোকানবোৰৰ লক্ষাধিক টকাৰ সা- সামগ্ৰী ক্ষতিগ্ৰস্ত হয়।

ইফালে এই ভয়ংকৰ অগ্নিকাণ্ডটি দেশৰ বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীৰ গুৱাহাটীস্থিত বাসগৃহৰ সমীপত সংঘটিত হৈ পৰিছিল। বহু ঘন্টা ধৰি সংঘটিত এই অগ্নিকাণ্ডত ৰাজপথত অভাৱনীয় হাৰত যান- বাহনবোৰ আবদ্ধ হৈ পৰে।