গুৱাহাটী

জি এম চিত বিজ্ঞাপনৰ নামত ব্যাপক অনিয়ম, বিষয়াক মেনেজেৰে ‘প্ৰডিজি’ৰ লুণ্ঠন

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী নগৰীত সৌন্দৰ্য বৰ্ধনৰ আঁচনিত ভেঙুচালি কৰি বিজ্ঞাপন সম্বলিত হৰ্ডিং লগোৱাৰ নামত বহিৰাগত এটা বনিক গোষ্ঠীয়ে ব্যাপক অনিয়ম সংঘটিত কৰিছে। জি এম চিৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি একমাত্ৰ ধনৰ অংকতে বনিক গোষ্ঠীটোৱে য'তে ত'তে আৰু যথে-মধে দেশী-বিদেশী কোম্পানীৰ বিজ্ঞাপন সম্বলিত হৰ্ডিং আৰি দিছে।

ইয়াকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও, পৌৰ নিগম কৰ্তৃপক্ষই ৰহস্যজনক ভাৱে  কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে। অভিযোগ মতে, পৌৰ নিগমৰ দুৰ্নীতি পৰায়ন বিষয়া-কৰ্মচাৰীক লাখ লাখ টকাৰে মেনেজ কৰি 'প্ৰডিজি' নামৰ ঠিকাদাৰ কোম্পানীটোৱে নীতি-নিৰ্দেশনাক উলংঘা কৰি লগাইছে বিজ্ঞাপনৰ ফলক।

লক্ষণীয় যে, এইদৰে বিজ্ঞাপন তথা নাম ফলক লগাবৰ বাবে পৌৰ নিগম নিবিদা আহ্বান কৰিব লাগে। মহানগৰীৰ বিভিন্ন স্থানৰ লেণ্ডমাৰ্ক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, গুৰুত্বপূৰ্ণ স্থান আদিত সেই নামফলক লগাবলৈ অতি সংগোপনে নিবিদা আহ্বান নকৰাকৈ ঠিকা দিয়া হৈছে নীতিন জৈনক। জি এম চিৰ এচাম দুৰ্নীতিগ্ৰস্ত বিষয়াৰ আশীষপুস্ত ব্যৱসায়ীজনৰ 'প্ৰডিজি' নামৰ প্ৰতিষ্ঠানটোৰ বেনাৰত দিয়া এই ঠিকাত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, পাণবজাৰস্থিত পৌৰ নিগমৰ কাৰ্যালয়ত সংগোপনে ঠিকাদাৰী প্ৰতিষ্ঠানটোক নামফলক লগোৱা কাম প্ৰদান কৰা হৈছিল। জি এম চিৰ চৰ্তমতে, মহানগৰীত ঘাইপথ-উপপথৰ নাম সন্নিবিষ্ট ফলক নিৰ্ধাৰিত স্থানত লগোৱাৰ বিনিময়ত ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে দুখনকৈ হৰ্ডিং-বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। ৰাস্তা-ঘাট, অফিচ-কাচাৰী সন্নিবিষ্ট ফলক লগোৱাৰ বাবে ঠিকাদাৰ প্ৰতিষ্টানটোক কোনো ধন জি এম চিয়ে আদায় নিদিয়াৰ কথাও উল্লেখ আছিল।

ইয়াৰ বিপৰীতে জি এম চিয়ে বিজ্ঞাপনৰ বাবে আৱণ্টন দিয়া দুখন হৰ্ডিঙৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে সেই ব্যয় উলিয়াব লাগিব। এই সুযোগে গ্ৰহণ কৰি যি স্থানত নামফলক থাকিব লাগে, তেনে গুৰুত্বপূৰ্ণ স্থানত নামফলকৰ সলনি বিজ্ঞাপনৰ হৰ্ডিং আৰি নামফলকবোৰ গুৰুত্বহীন কৰি পেলোৱাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে।

আনহে নালাগে, চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰতো এনে বেমেজালিৰে নামফলক আৰিছে যদিও, ইয়াক গুৰুত্বসহকাৰে লোৱা নাই জি এম চিয়ে। চানমাৰীত থকা খাদী বৰ্ডৰ কাৰ্যালয়ৰ নামফলকখন চকুত নপৰা এক স্থানত আৰি চকু পৰা স্থানত বিজ্ঞাপনৰ হৰ্ডিং আৰি জি এম চিৰ নীতি-নিৰ্দেশনা ভৰিৰে মোহাৰিছে এই কোম্পানীটোৱে।য

ইফালে, ঠিকাদাৰী প্ৰতিষ্ঠানটোক বিজ্ঞাপনৰ বাবে আৱণ্টন দিয়া হৰ্ডিং ৰাস্তা-ঘাট, অফিচ-কাচাৰীৰ নামফলকৰ পৰা নিৰ্দিষ্ট দূৰৈত থাকিব লাগে যদিও, এয়াও কৰা নাই 'প্ৰডিজি'য়ে। গুৱাহাটীৰ সৌন্দৰ্য নষ্ট যাতে নহয় তাৰ বাবে লোৱা এনে পদক্ষেপক আওকাণ কৰি গুৱাহাটীৰ ঘাইপথ আৰু উপপথ সমূহত দেশী-বিদেশী কোম্পানীৰ বিজ্ঞাপন সম্বলিত হৰ্ডিঙেৰে ভৰাই পেলাইছে প্ৰডিজিয়ে।

একোখন নামফলকৰ বিপৰীতে দুখন হৰ্ডিঙহে লগোৱাৰ অনুমতি দিছিল যদিও, এই নিয়মটোও ভংগ কৰি কেবাখনো হৰ্ডিং লগাই ধন ঘটাতহে ব্যস্ত হৈছে কোম্পানীটো। এই সকলোবোৰ দেখিও নেদেখা ভাও জুৰি আছে জি এম চিয়ে। মোটা অংকৰ ধন হেৰুৱাৰ ভয়ত জি এম চিৰ বিষয়া-কৰ্মচাৰীয়ে এনে কৰা বুলি অভিযোগ উঠিছে।

শেহতীয়াকৈ মহানগৰীত তোৰণসদৃশ কৈ নিৰ্মাণ কৰা হৰ্ডিঙতো জিলিকিছে কেৱল দেশী-বিদেশী কোম্পানীৰ বিজ্ঞাপন। অথচ এই হৰ্ডিংবোৰে কিছু গুৰুত্বপূৰ্ণ স্থান-কাৰ্যালয়লৈ যোৱা সংকেত তথা যাত্ৰীক প্ৰয়োজন হোৱা যাৱতীয় নিৰ্দেশনাহে থাকিব লাগে। কিন্তু হৰ্ডিংসমূহ প্ৰডিজিয়ে নিজৰ জিম্মালৈ আনি সেইবোৰ দেশী-বিদেশী বিজ্ঞাপন লগাই দিয়াত পৌৰ নিগমে হেৰুৱাব লগা হৈছে বহু টকাৰ ৰাজহ। ইমানৰ পাছতো কিয় জি এম চি নিমাত আৰু নীৰৱ সেয়া পৰ্যায়ক্ৰমে আন কিছু প্ৰতিবেদনত প্ৰকাশ কৰা হ'ব।