গুৱাহাটী

এগৰাকী যুৱতী, ৩ যুৱক… দিনৰ পোহৰতে উজান বজাৰত এই ঘটনা

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ এগৰাকী যুৱতী আৰু তিনি যুৱক। ঘটনাৰ স্থান মহানগৰীৰ উজান বজাৰ। দিনৰ পোহৰতে সকলোৰে চকুৰ সমুখতে ঘটি গ'ল ঘটনাতো।

কালৈকো কেৰেপ নকৰি যুৱতীগৰাকীৰ ওপৰত জপিয়াই পৰিল ৩ যুৱক। প্ৰথমে গাড়ীৰ ভিতৰত মাৰধৰ। এটা সময়ত যুৱতীগৰাকীক গতিয়াই দিলে গাড়ীখনৰ পৰা।

বিলাসী ভক্সৱেগনৰ গাড়ীখনৰ পৰা পথত ছিটিকি পৰিল অসহায় যুৱতীগৰাকী। কিয় যুৱতীগৰাকীক এনেদৰে মাৰধৰ কৰিছে তাৰ তত ধৰিব পৰা নাই কোনেও।

মাৰধৰ কৰি যুৱতীগৰাকীক পথৰ দাঁতিতে পলায়নৰ চেষ্টা ৰাজপথত বৰমতা দেখুওৱা ৩ যুৱকৰ। খবৰ পাইয়ে ঘটনাস্থলীত উপস্থিত হ'ল লতাশিল আৰক্ষী।

স্থানীয় লোকসকলৰ তৎপৰতাত আৰক্ষীয়ে ৩ যুৱকক কৰায়ত্ত কৰি থানালৈ লৈ যায়। যুৱতীগৰাকীকো উদ্ধাৰ কৰি সোধ-পোছৰ বাবে থানালৈ নিছে আৰক্ষীয়ে।