গুৱাহাটী

গুৱাহাটী-ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বোপান্না আৰু ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অনিৰুদ্ধ বসুক নিযুক্তি দিয়া হৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এ এছ বোপান্না।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ ৩১ গৰাকী, কিন্তু বৰ্তমান উচ্চতম ন্যায়ালয়ত আছে ২৭ গৰাকী ন্যায়াধীশ। গুৱাহাটী আৰু ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দুগৰাকীৰ সৈতে এতিয়া এই সংখ্যা বৃদ্ধি হৈ ২৯ জন হৈছেগৈ। 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কিছুদিন পূৰ্বে শপত গ্ৰহণ কৰিছিল এ এছ বোপান্নাই। ১৯৫৯ চনৰ ২০ মে'ত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ বোপান্নাই। তেওঁ ১৯৮৪ চনৰ পৰা অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। ২০০৫ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল এ এছ বোপান্নাই। ২০০৭ চনৰ পৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল ন্যায়াধীশ বোপান্নাই। ঠিক তেনেদৰে কলকাতাৰ পৰা এল এল বি কৰিছিল ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অনিৰুদ্ধ বসুৱে।