গুৱাহাটী

পুৱাই আমচাঙত এৰি দিয়া হ’ল মহানগৰীত বিচৰণ কৰা বন্যহস্তীক…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীত মঙলবাৰৰ পুৱতি নিশা প্ৰৱেশ কৰা বন্যহস্তীটো সন্ধিয়ালৈ বন বিভাগ আৰু চিৰিয়াখানা কৰ্তৃপক্ষই ট্ৰেংকুলাইজ কৰি বুধবাৰে পুৱা ৫ বজাতহে প্ৰথমে চিৰিয়াখানালৈ লৈ যোৱা হয়। বৰষুণৰ বাবে মঙলবাৰে ট্ৰেংকুলাইজ কৰা হাতীটো উদ্ধাৰ কৰাত সমস্যা হৈছিল যদিও, বুধবাৰৰ পুৱা সুকলমে হাতীটো উদ্ধাৰ কৰি আমচাং বনাঞ্চলত এৰি দিয়ে।

ইফালে, বন্যহস্তীটোক উদ্ধাৰ কৰি চিৰিয়াখানালৈ অনাৰ বাবে যাতে দৰ্শনাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ১২ বজালৈকে বুধবাৰে বন্ধ ৰখা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানা। আমচাং বনাঞ্চলত এৰি দিয়াৰ পূৰ্বে হাতীটোৰ স্বাস্থ্য পৰীক্ষা কৰে বনবিভাগ তথা পশু চিকিৎসকৰ এটা দলে।

উল্লেখযোগ্য যে, এই বন্যহস্তীটোৱে মহানগৰীত প্ৰৱেশ কৰাৰ পাছতেই ছয়মাইল, ভঙাগড়, গুণেশগুৰি আদি অঞ্চলত যথেষ্ট শংকিতময় পৰিৱেশৰ সৃষ্টি হৈছিল। হাতীটোক কেইবাস্থানটো বনবিভাগৰ লোকে বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও, মঙলবাৰৰ দিনটো মহানগৰীত বিচৰণ কৰি ফুৰিছিল বন্যহস্তীটোৱে।

অৱশ্যে এই বন্যহস্তীটোৱে বিশেষ কোনো ক্ষয়ক্ষতি কৰা নাছিল। তাৰ বিপৰীতে বন্যহস্তীটোক চাবলৈ ভিৰ কৰা লোককহে নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিল। মহানগৰীত এনেদৰে বন্যহস্তী প্ৰৱেশৰ ঘটনাই হাতীৰ খাদ্য আৰু বাসস্থান যে এক ডাঙৰ সমস্যা হৈ পৰিছে তাকে পুনৰ প্ৰমাণ কৰিলে