গুৱাহাটী

গুৱাহাটীৰ ওদালবাক্ৰাত চাঞ্চল্যকৰ ঘটনা! সুৰাপান কৰি শিলেৰে মৰিয়াই হত্যা যুৱকক…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। উল্লেখ্য যে, মহানগৰীৰ ওদালবাক্ৰাত শিলেৰে উপৰ্যুপৰি মৰিয়াই হত্যা কৰি ৰঙাঘৰৰ আলহী হ'ল ৰাহুল চেত্ৰী নামৰ এজন যুৱক ।

ঘটনাৰ বিৱৰণী মতে ওদালবাক্ৰাৰ কৃষ্ণনগৰৰ নিৰ্জন পথত শুকুৰবাৰে নিশা তিনি গৰাকী বন্ধুৱে মিলি অত্যাধিক সুৰাপান কৰে আৰু তাৰ পাছত ইজনে সিজনৰ লগত সংঘৰ্ষত লিপ্ত হয়। পিছত গৈ এই সংঘৰ্ষ বৃদ্ধি হৈ তিনি বন্ধুৰ ৰাহুল চেত্ৰী নামৰ যুৱকজনে লগৰ বন্ধু গণেশ দাসক কাষতে থকা শিল এটাৰে মৰিয়াই হত্যা কৰি পেলাই থৈ যায়।

ইফালে, নিশা সংঘটিত এই ঘটনাৰ পিছতে নিৰ্জন পথত গৈ থাকোতে দিনত কোনো এগৰাকী পথচাৰীয়ে গণেশ দাসৰ মৃতদেহ পৰি থকা দেখি লগে লগে ওদালবাক্ৰা আৰক্ষী থানাক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ততালিকে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই সন্ধিয়া ঘটনাত জড়িত ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।