গুৱাহাটী

গুৱাহাটীৰ শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰৰ পৰিচালনাত দাতব্য চিকিৎসালয়ৰ শুভ উদ্বোধন…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ কুমাৰপাৰাৰ সামাজিক , সাংস্কৃতিক আৰু ধাৰ্মিক সুবৃহৎ অনুষ্ঠান শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰ। জন্মলগ্নৰ পৰাই বহুতো সামাজিক , সাংস্কৃতিক বিভিন্ন দিশত বিৰভাৱে কাম কৰি আহিছে এই নামঘৰে। এই নামঘৰৰ সংবিধান অনুসৰি এটি দাতব্য চিকিৎসালয়ৰ চিন্তা-চৰ্চা কৰি থকা হৈছিল। আৰু সোমবাৰে দিনৰ প্ৰায় ২ বজাত ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ সহযোগত শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰৰ পৰিচালনাত নামঘৰৰ প্ৰাংগনত দাতব্য চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰা হয়।

দাতব্য চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা সদৌ অসম চিকিৎসক সন্থাৰ সম্পাদক ডাঃ কনকচন্দ্ৰ তালুকদাৰে। লগতে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সামাজিক তথা সুসংগঠক জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মা আৰু অভিজ্ঞ ডাঃ পাৰুল দত্ত। কুমাৰপাৰা অঞ্চলৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিৰ সৈতে শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰৰ পৰিচালনা কমিটিৰ বিষয়ববীয়া সমন্বিতে ভকত বান্ধৱ আই-মাতৃ সকল উক্ত অনুষ্ঠানৰ আগভাগত কৃষ্ণ সংস্কৃতিৰ পৰম্পৰাৰে নাম কীৰ্তন, ভাগৱত আদিৰে ভগৱানৰ ওচৰত বিশ্বৰ শান্তি প্ৰতিষ্ঠা অৰ্থে সকলোৱে প্ৰাৰ্থনা জনায়।