গুৱাহাটী

গুৱাহাটীৰ ক’ত ক’ত পাৰ্কিং-ন’পাৰ্কিং

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজয় দশমী আৰু দুৰ্গা প্ৰতিমা বিসৰ্জন উপলক্ষে মহানগৰীৰ বিভিন্ন স্থানত যান-বাহন শাখা আৰক্ষীয়ে ন' পাৰ্কিং জ'ন ঘোষণা কৰিছে। এই স্থানসমূহত কোনো লোকে যান-বাহন পথৰ কাষত ৰখাব নোৱাৰিব। মহানগৰীত যান-বাহন নিয়ন্ত্ৰণ শাখাই ন' পাৰ্কিং জ'ন ঘোষণা কৰা পথসমূহ হ'ল-

  • এম এছ ৰোড।
  • টি আৰ পি ৰোড।
  • এইচ বি ৰোড।
  • এম  জি ৰোড।
  • এম এল এন ৰোড।
  • বি বৰুৱা ৰোড।
  • এম চি ৰোড।
  • এফ চি ৰোড।
  • এম আৰ ডি ৰোড।
  • ডি এন বি ৰোড।
  • জি এছ ৰোড।
  • আৰ জি বৰুৱা ৰোড।

মহানগৰীৰ ক'ত ক'ত পাৰ্কিং কৰিব পাৰিব- 

চানমাৰি, পল্টন বজাৰ আৰু দিশপুৰৰ পৰা লোকসকলে এ আৰ বি ৰোড, ড০ জে চি দাস ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোডত পাৰ্কিং কৰিব পাৰিব।

ভৰলুমুখ, শান্তিপুৰৰ পৰা অহা লোকসকলে এম জি ৰোডৰ এপ'ল' পইণ্টৰ পৰা এফ আৰ ৰোডৰ ক্ৰছিঙলৈ দুয়ো ছাইডত পাৰ্কিং কৰিব পাৰিব।

কৰ্তব্যৰত বিষয়াসকলে কামাকাজি পাৰ্কিঙত আৰু আই ডব্লিউ ডি পাৰ্কিঙত বাহন পাৰ্কিং কৰিব পাৰিব।

নিউজ চেনেলৰ বাহনসমূহ কাছমাৰী ঘাটৰ পশ্চিম দিশত পাৰ্কিং কৰিব পাৰিব।

জৰুৰীকালীন সেৱা আৰু অগ্নিনিৰ্বাহক বাহিনীৰ পাৰ্কিং থাকিব লক্ষী গলি, এম জি ৰোডৰ পৰা কেডাৰ ৰোডলৈ।