গুৱাহাটী

মহানগৰীৰ বিশিষ্টা মহিলা লক্ষী গোস্বামীৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা ইহঃসংসাৰ ত্যাগ কৰে গুৱাহাটী মহানগৰীৰ হাতীগড় চাৰিআলিৰ নিবাসী সৰবৰহী মহিলা লক্ষী গোস্বামীয়ে। বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত মহিলাগৰাকী সকলোৰে প্ৰিয় আছিল। ১০টা মান সামাজিক অনুষ্ঠানৰ মুল সংঘটক ৰূপে গুৰি ধৰা এই গৰাকী বিশিষ্টা মহিলাৰ গুৱাহাটীৰ অগ্ৰণী মহিলা কল্যাণ কেন্দ্ৰ মাতৃ কল্যাণৰ সভানেত্ৰী আছিল।

তদুপৰি তেওঁ আছিল শ্ৰীমন্ত শংকৰদেৱ ইন্টাৰনেশ্যনেল কালছাৰ চেন্টাৰৰো সভানেত্ৰী। বেচৰকাৰী সংস্থা সৃষ্টিৰ প্ৰতিষ্ঠাপক, সূৰ্য মাধৱ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক, সাতসৰীৰ সামাজিক অনুষ্ঠানৰ উপদেষ্টাৰ লগতে আন বহু সংগঠনৰ সৈতে মৃত্যু পৰ্যন্ত জড়িত হৈ থকা মহিলাগৰাকীয়ে ৭৪ বছৰত শনিবাৰে মৃত্যু বৰণ কৰে।

মৃত্যুৰ সময়ত স্বামী ড০ দুলাল গোস্বামী, দুই পুত্ৰ ক্ৰমে সিদ্ধাৰ্থ গোস্বামী আৰু সান্দিল্য গোস্বামীৰ লগতে বোৱাৰী আৰু নাতি-নাতিনী তথা অসংখ্য আত্মীয় আৰু শুভাকাংক্ষীক এৰি থৈ গৈছে। শনিবাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হয় অন্ত্যেষ্টিক্ৰিয়া। ইফালে, বিশিষ্টা মহিলাগৰাকীৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্যক্তিসকলে শোক ব্যক্ত কৰাৰ উপৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।