গুৱাহাটী

বন্ধক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়, ৰাজ্যৰ গৃহ বিভাগে দিব লাগিব ক্ষতিপূৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বন্ধক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বন্ধ দিয়া সংগঠনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে। বন্ধৰ নামত ৰে'লপথ, ৰাজপথ অৱৰোধৰ কাৰ্যসূচীক অসাংবিধানিক আখ্যা উচ্চ ন্যায়ালয়ৰ। বন্ধ সমৰ্থকৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰাৰো নিৰ্দেশ।

২৪ ঘণ্টাৰ ভিতৰত আৰক্ষী অধীক্ষকে দিব লাগিব এজাহাৰ। আৰু এসপ্তাহৰ ভিতৰত ৰাজ্যৰ গৃহ বিভাগক দাখিল কৰিব লাগিব প্ৰতিবেদন। ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰি তদন্তকাৰী বিষয়াই দাখিল কৰিব লাগিব চাৰ্জশ্বীট। তদন্তত গাফিলতি থাকিলে আৰক্ষী দায়বদ্ধতা আয়োগে ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন। বন্ধৰ ফলত হোৱা ক্ষতিপূৰণৰ পুঁজি দিব লাগিব ৰাজ্যৰ গৃহ বিভাগে। বন্ধ দিয়া তাৰিখৰ পৰা ৩ মাহৰ পিছত দিব লাগিব ক্ষতিপূৰণ ধন।