গুৱাহাটী

মহানগৰীত কৃত্ৰিম বানে কাঢ়িলে এটি কিশোৰৰ প্ৰাণ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ স্মাৰ্ট চিটিৰ ফোঁপোলাত মহানাগৰিকে যন্ত্ৰণা ভোগাটো এতিয়া হৈ পৰিছে এক সাধাৰণ কথা । মহানগৰীৰ সুন্দৰপুৰত এটি কিশোৰৰ মৃত্যু হোৱা তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা এজাক মূষলধাৰ বৰষুণৰ কৃত্ৰিম বানত উটি গৈছিল এগৰাকী ১৪ বছৰীয়া কিশোৰ। এই ১৪ বছৰীয়া কিশোৰটি সুন্দৰপুৰৰ বিকাশ দাস বুলি আৰক্ষী এক সূত্ৰই প্ৰকাশ কৰে।

ইফালে এই কৃত্ৰিম বানত শিশুটিক উদ্ধাৰৰ বাবে সুন্দৰপুৰত নিশা আৰক্ষীৰ এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও কিশোৰটিক উদ্ধাৰৰ বাবে ব্যৰ্থ হয় । অৱশেষত শুকুৰবাৰে পুৱা আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে কিশোৰটিক।