গুৱাহাটী

মহানগৰীত এইবছৰৰ প্রথমটো কৃত্ৰিম বান, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ এজাক বৰষুণে এই বছৰৰ প্ৰথম কৃত্ৰিম বানৰ সোৱাদ দিলে মহানগৰবাসীক। সন্ধিয়া ৬.৪৫ মান বজাৰ পৰা মাত্ৰ ১০ মিনিটৰ বাবে অহা বৰষুণত বুৰ গ'ল বামুণীমৈদাম, চানমাৰীৰ ৰাজপথ। এই কৃত্ৰিম বানৰ ফলত মহানগৰীত সৃষ্টি যান-জঁটৰ।

বহু যান-বাহন ৰাজপথৰ মাজতে আৱদ্ধ হৈ পৰা দৃশ্য পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, সৌন্দৰ্যবৰ্ধনৰ নামত মহানগৰীৰ পথসমূহৰ ডিভাইডাৰ নিৰ্মাণ কৰিছিল কৰ্তৃপক্ষই । এই কৃত্ৰিম বানত দেখা পোৱা গ'ল যে ডিভাইডাৰসমূহত কোনো ফাঁক নথকাত পানী নলাইদি বৈ যোৱাৰ বিপৰীতে যথেষ্ট সময় বাট-পথ বুৰাই ৰাখে।