গুৱাহাটী

কৃষক মুক্তিৰ প্ৰচেষ্টাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোভিড-১৯ পৰীক্ষা, ছেনিটাইজেশ্যন…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ন্যায়ালয়ৰ নিৰ্দেশত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোভিড-১৯ পৰীক্ষা আৰম্ভ কৰা হ'ল। এই পৰীক্ষা কৰা সকলৰ ভিতৰত বৰ্তমানলৈ ২০জনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।

কাৰাগাৰত থকা যি সকলৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে তেওঁলোকক চিকিৎসালয়লৈ পঠিওৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। লগতে কৰা হৈছে কাৰাগাৰখন ছেনিটাইজেশ্যন। ইফালে, কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ বিতু সোণোৱালক হাস্পতাললৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে, পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে কাৰাগাৰত বন্দী হৈ থকা আন সকলৰ বাবে কোভিড-১৯ টেষ্ট, কাৰাগাৰ ছেনিটাইজেশ্যন কৰাৰ বাবে দাবী জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। অৱশেষত আদালতৰ কাষ চপাত ন্যায়ালয়ে কোভিড-১৯ পৰীক্ষা আৰু কাৰাগাৰ ছেনিটাইজ কৰা নিৰ্দেশ দিয়ে। ইফালে, কৃষক মুক্তিৰ নেতাসকলৰ এই প্ৰচেষ্টাৰ বাবে কাৰাবন্দীসকলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।