গুৱাহাটী

জেহাদীৰ পুলি-পোখা উভালি পেলোৱাৰ দাবীত গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল

asomiyapratidin

ডিজিটেল ডেস্কঃ অতি সংগোপনে অসমত জেহাদীয়ে চলাই আছে কাৰ্যকলাপ। শেহতীয়াকৈ এই তথ্য পোহৰলৈ অহাৰ পাছত জেহাদীৰ পুলি-পোখলা উভলাৰ দাবীত বুধবাৰে মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে। বিশেষকৈ হিজবুল মুজাহিদীনক অসমৰ পৰা সমুলাঞ্চে উৎখাত কৰাৰ দাবীত জোৰ সমদল বাহিৰ কৰে সংগঠনটোৱে।

দীঘলীপুখুৰীৰ পাৰত গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থকে এই কাৰ্যসূচী ৰূপায়ন কৰে। সন্ত্ৰাসবাদী সংগঠনটোক তীব্ৰ ভাষাৰে গৰিহণা দি পৰিষদৰ সম্পাদক মইনুল হকে কয়- অসম তথা ভাৰতৰ বায়ু-পানী সেৱন কৰি নিজ ৰাষ্ট্ৰৰ বিৰুদ্ধে এনে কুটিল ষড়যন্ত্ৰ কৰাৰ ফলত কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। লগতে এনে সংগঠনসমূক সকীয়াই দি ইছলাম ধৰ্মক কলংকিত নকৰিবলৈ সতৰ্ক কৰি দিয়ে সংগঠনটোৱে।