গুৱাহাটী

নিশা গান্ধী মণ্ডপত দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত উৰা ৰাষ্ট্ৰীয় পতাকা চাবলৈ দৰ্শনাৰ্থীৰ ভিৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গান্ধী মণ্ডপত দেশৰ তৃতীয় বৃহৎ উচ্চতাত ২ অক্টোবৰত উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাৰ দৰ্শনৰ বাবে দৰ্শনাৰ্থীৰ ভিৰ দেখা পোৱা গৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে আনুষ্ঠানিকভাৱে এই বৃহৎ আকাৰৰ ৰাষ্ট্ৰীয় পতাকা খন উত্তোলন কৰাৰ পাছতেই গান্ধী মণ্ডপলৈ মানুহৰ সোত বৈছে।

নিশা ৮.৩০ বজালৈকে এই পতাকাখন দৰ্শনৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী আহিয়েই আছে। ইফালে নিশা গান্ধী মণ্ডপত পতাকাস্থলীৰ সমীপতে নাগাৰা নামৰ এক কাৰ্যসূচীও অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে, ৩১৯.৫ ফুট উচ্চতাত উৰি থকা এই পতাকাখন দেশৰ ভিতৰত তৃতীয় সৰ্বোচ্চ উচ্চতাত উত্তোলিত বৃহৎ ৰাষ্ট্ৰীয় পতাকা। এই পতাকাখনৰ ওজন প্ৰায় ৪ কুইণ্টল।