গুৱাহাটী

আজিৰে পৰা জি-২০ বৈঠক, উদুলি-মুদুলি গুৱাহাটী...

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজিৰে পৰা জি-২০ সন্মিলনৰ প্ৰথম বৈঠক । ইতিমধ্যে অসমত আহি উপস্থিত হৈছে অতিথি ৰাষ্ট্ৰৰ ৯১ জন প্ৰতিনিধিৰ দল । ইয়াৰে সমান্তৰালকৈ গুৱাহাটী মহানগৰীক সজাই পৰাই তোলা হৈছেজি-২০ বৈঠকৰ উপলক্ষে । চকু ফুৰালেই নতুনত্ব দেখা পোৱা যাব গুৱাহাটী মহানগৰীত । চৌদিশে লাইট, সৌন্দৰ্যবৰ্ধক সামগ্ৰীৰে এক নতুন ৰূপত মহানগৰী ।

প্ৰথম পৰ্যায়ৰ এই বৈঠক অনুষ্ঠিত হ'ব গুৱাহাটীস্থিত ৰেডিচন ব্লু হোটেলত । 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত' বিষয়বস্তুৰে অনুষ্ঠিত কৰা এই সন্মিলনত এইবাৰ সভাপতিত্ব কৰিব ভাৰতে । তাৰেই পৰিপ্ৰেক্ষিতত অসমতো অনুষ্ঠিত কৰা হ'ব বৈঠক ।২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া বৈঠকৰ বিষয়বস্তু হৈছে 'বহনক্ষম বিত্ত' ।

এই বৈঠকৰ পাচতেই প্ৰতিনিধিৰ দলটোৱে ভ্ৰমণ কৰিব শুৱালকুছিলৈ । বস্ত্ৰ নগৰী শুৱালকুছিকো যাৰ বাবেই সজাই পৰাই তোলা হৈছে এই বিশেষ দিনটোৰ বাবে । কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচী আৰু জি-২০ ৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিলে দলটোৰ শুৱালকুছি ভ্ৰমণ হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ । কিয়নো ১ ফেব্ৰৱাৰীৰ কেন্দ্ৰীয় বাজেটৰ ঘোষণা অনুসৰি উত্তৰ-পূৱৰ বাবে কেন্দ্ৰই আগবঢ়াইছে বিশেষ আৰ্থিক সাহায্য ।

তেনেস্থলত নৱ উদ্যোগ নিৰ্মাণৰ ক্ষেত্ৰত যে শুৱালকুছিৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগসমূহে যে এই পৰিকল্পনাত অৱদান আগবঢ়াব পাৰিব সেই সম্পৰ্কে নিশ্চিত সকলো ।এতিয়া অপেক্ষা মাথো বৈঠকৰ অন্তত ঘোষণা কৰা সিদ্ধান্ত সমূহলৈ...