গুৱাহাটী

ফৰ্মেলিনযুক্ত মাছৰ বিৰুদ্ধে পুনৰ মহানগৰী বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুনৰ মহানগৰীৰ বেতকুছিস্থিত মাছৰ পাইকাৰী বজাৰত চলিল খাদ্য সুৰক্ষা বিভাগৰ অভিযান। অন্ধ্ৰ প্ৰদেশৰ মাছত ফৰ্মেলিনৰ অৱস্থিতি পোহৰলৈ অহাৰ পাছতে অভিযান চলালে বিভাগটোৱে।

উল্লখ্য যে, কিছুদিনৰ পূৰ্বে খাদ্য সুৰক্ষা বিভাগে মাছৰ বজাৰত অভিযান চলাই বন্ধ কৰিছিল চালানি মাছৰ বিক্ৰী। যাৰ পৰিপ্ৰেক্ষিতত মাছ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল গ্ৰাহকে।

এইবাৰ গোলাঘাট আৰু জুনাইত মাছত ফৰ্মেলিনৰ উপস্থিতি পোহৰলৈ অহাৰ পাছত বেতকুছিৰ পাইকাৰী বজাৰত মাছৰ নমুনা সংগ্ৰহ কৰে অভিযানকাৰী দলটোৱে। পূর্বেও এনেদৰে বিভাগটোৱে অভিযান চলাইছে। কিন্তু কোনো সুফল পোৱা নাই। বৰঞ্চ দামহে বাঢ়িল মাছৰ।