গুৱাহাটী

কোভিড প্ৰট’ক’ল ভংগ কৰি নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ, পানবজাৰ থানাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। কোভিড-১৯ৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। উল্লেখ্য যে, বিটিএডিৰ তামুলপুৰৰ গৰৈমাৰীত ১৮ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিৰ্বাচন কেন্দ্রিক ৰাজহুৱা সভাত অংশগ্রহণ কৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীযূষ হাজৰিকাই।

কোৰোনা মহামাৰীৰ এই সময়ত সভাখনত হাজাৰ হাজাৰ লোকে মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্ব নমনাৰ অভিযোগ উত্থাপন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ পানবজাৰ থানাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে তৰুণ দত্ত নামৰ এজন ব্যক্তিয়ে।