গুৱাহাটী

বিশ্ব ফটোগ্ৰাফী দিৱসত জ্যেষ্ঠ ফটো সাংবাদিক কিৰণ মুখাৰ্জীক সম্বৰ্ধনা

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো অসম ফটো সংবাদিক সংস্থাই এই দিৱস বিশেষভাৱে পালন কৰে। দিৱসৰ সৈতে সংগতি ৰাখি সংস্থাটোৱে আজি গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।

এই অনুষ্ঠানত অসমবাণীৰ সম্পাদক দিলীপ চন্দন, অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, জ্যেষ্ঠ সংবাদিক সঞ্জীৱ কুমাৰ ফুকন, দৈনিক অসমৰ কাৰ্যবাহী সম্পাদক মুনীন বায়ন, নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াকে আদি কৰি কেবাগৰাকী বিশিষ্ট সাংবাদিকে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই। উক্ত অনুষ্ঠানটোতে ৰাজ্যখনৰ জ্যেষ্ঠ ফটো সাংবাদিক কিৰণ মুখাৰ্জীক মানপত্ৰ আৰু নগদ ধনেৰে ফটো সাংবাদিক সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।