শিক্ষা বিভাগৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ননীগোপাল মহন্তঃ উভতি যাব আকৌ বিশ্ববিদ্যালয়লৈ...
শিক্ষা বিভাগৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ননীগোপাল মহন্তঃ উভতি যাব আকৌ বিশ্ববিদ্যালয়লৈ...  
গুৱাহাটী

শিক্ষা বিভাগৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ননীগোপাল মহন্তঃ উভতি যাব আকৌ বিশ্ববিদ্যালয়লৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা পদ ত্যাগ কৰিলে ড০ ননীগোপাল মহন্তই। সোমবাৰে কেবিনেট মৰ্যাদা প্ৰাপ্ত এই পদৰ পৰা অব্যাহতি ল'লে মহন্তই।

চৰ্চা অনুসৰি ড০ ননীগোপাল মহন্ত পুনৰ বিশ্ববিদ্যালয়লৈ উভতি যাব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দৈকৰ কাৰ্যকাল শেষ হোৱাৰ দিশে।

বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য হোৱাৰ দৌৰত আছে ড০ ননীগোপাল মহন্তও। সেয়ে তেওঁ ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগৰ উপদেষ্টা পদ ত্যাগ কৰি বিশ্ববিদ্যালয়লৈ উভতি যাবলৈ ওলাইছে বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে অতি ঘনিষ্ঠ ননীগোপাল মহন্ত বিজেপি, আৰ এছ এছ আদিৰ শীৰ্ষ নেতৃত্বৰ সৈতেও ঘনিষ্ঠ। সেই ফালৰ পৰা তেওঁ বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য হোৱাটো এক প্ৰকাৰে নিশ্চিত বুলিয়েই চৰ্চা চলিছে। অৱশ্যে এই চৰ্চা কিমানদূৰ সত্য সেয়া সময়েহে ক'ব।