১৯ এপ্ৰিলত মেঘালয়ত নিৰ্বাচনঃ গুৱাহাটীত ড্ৰাই ডে' ঘোষণা...
১৯ এপ্ৰিলত মেঘালয়ত নিৰ্বাচনঃ গুৱাহাটীত ড্ৰাই ডে' ঘোষণা... 
গুৱাহাটী

১৯ এপ্ৰিলত মেঘালয়ত নিৰ্বাচনঃ গুৱাহাটীত ড্ৰাই ডে' ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১৯ এপ্ৰিলত দেশৰ কেইবাখনো ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমৰ ৫ টা লোকসভা সমষ্টিৰ উপৰিও চুবুৰীয়া মেঘালয়ৰো দুয়োখন লোকসভা আসনৰ বাবে ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

মেঘালয়ৰ এই ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মেট্ৰ' জিলা কৰ্তৃপক্ষই ১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা ভোটগ্ৰহণ অন্ত নপৰালৈকে ড্ৰাই ডে' ঘোষণা কৰিছে। এই সময়ছোৱাত সকলো ধৰণৰ সুৰাৰ বিপণী বন্ধ ৰাখিব লাগিব। ইয়াৰোপৰি এই সময়ছোৱাত সুৰাৰ যোগান, বিক্ৰী গুৱাহাটীত সম্পূৰ্ণৰূপে নিষিদ্ধ। এই নিৰ্দেশৰ উলংঘন কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব।