তোলনীয়া কন্যাক নিৰ্যাতন চলোৱা ডাঃ ৱালিউল ইছলামৰ আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা...
তোলনীয়া কন্যাক নিৰ্যাতন চলোৱা ডাঃ ৱালিউল ইছলামৰ আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা... 
গুৱাহাটী

তোলনীয়া কন্যাক নিৰ্যাতন চলোৱা ডাঃ ৱালিউল ইছলামৰ আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তোলনীয়া কন্যাক অকথ্য নিৰ্যাতনৰ অভিযোগত পল্টন বজাৰ আৰক্ষী থানাৰ আলহী হোৱা চিকিৎসক ডাঃ ৱালিউল ইছলামৰ আৰক্ষী থানাতে আত্মহত্যাৰ অপচেষ্টা। জানিব পৰা মতে চিকিৎসক ৱালিউল ইছলামে ১০ টা টেবলেত একেলগে খাই আত্মহত্যাৰ চেষ্টা চলাইছে।

অৱশ্যে তেওঁক ততাতৈয়াকৈ পল্টনবজাৰ আৰক্ষীয়ে লৈ গৈছে জি এম চি লৈ। উল্লেখ্য যে তুলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰিছিল গুৱাহাটীৰ বিখ্যাত চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক।

অভিযোগ অনুসৰি চিকিৎসক দম্পত্তি হালে তেওঁলোকৰ ৫ বছৰীয়া তুলনীয়া কন্যাক দৈনিক চলাই আহিছিল অকথ্য নিৰ্যাতন। শিশুটিক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ উপৰিও প্ৰখৰ ৰ'দত ঘৰৰ ছাদত বান্ধি থোৱাৰ দৰে ঘটনা সংঘটিত কৰি আহিছে।

আজিও শিশুটিক নিৰ্যাতন চলাই তেনেদৰে ঘৰৰ ছাদত বান্ধি থোৱাৰ সময়তে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। ইফালে শিশুটিক উদ্ধাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে।

আৰক্ষীয়ে নিৰ্যাতিত শিশুটিক চাইল্ড লাইনৰ হাতত গতাই দিছে। এই ঘটনা সন্দৰ্ভত চিকিৎক দম্পত্তিহালৰ কেয়াৰ টেকাৰ লক্ষ্মীনাথকো জেৰা চলাইছে।