গুৱাহাটী

ডঃ মহেশ্বৰ নেওগৰ স্মৃতি দিৱসত বক্তৃতানুষ্ঠানৰ আয়োজন অসম সাহিত্য সভাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সদস্যমহীয়ান, প্ৰাচ্যবিদ্যাৰ্ণৱ ডঃ মহেশ্বৰ নেওগৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি ১৩ ছেপ্তেম্বৰৰ বিয়লি ৫.৩০ বজাৰ পৰা সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত এখনি স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই প্ৰেৰণ কৰা এক বিবৃতিযোগে জনাই যে, অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া স্মাৰক বক্তৃতানুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আদৰণি ভাষণ প্ৰদান কৰিবলগীয়া এই সভাত কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমৰা শৰ্মাই 'প্ৰাচ্যবিদ্যাৰ্ণৱ ডঃ মহেশ্বৰ নেওগ আৰু সাৰস্বত সাধনা' শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰিব। উক্ত বক্তৃতানুষ্ঠানটিত অসম সাহিত্য সভাই সমূহ সাহিত্যানুৰাগী-শিক্ষাবিদৰ উপস্থিতি কামনা কৰিছে।