গুৱাহাটী

‘ড০ হীৰেণ গোহাঁই, বাস্তৱৰ চেতনা আৰু স্বপ্ন’ উন্মোচন

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় 'ড০ হীৰেণ গোহাঁই, বাস্তৱৰ চেতনা আৰু স্বপ্ন' শীৰ্ষক পুথিখন৷ বিশিষ্ট সাহিত্যিক প্ৰভাত বৰুৱাই সম্পাদনা কৰা এই পুথিখনত সন্নিৱিষ্ট কৰা হৈছে নবীন-প্ৰবীণ অনেক লেখক-সাহিত্যিকৰ গোহাঁইৰ জীৱনকৃতি সম্বন্ধে লিখা বহুকেইটা প্ৰৱন্ধ৷

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই উপস্থিত থকাৰ লগতে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰাক্তন আৰক্ষী সঞ্চালক তথা বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকা, ললিত বৰুৱাৰ লগতে বহুকেইজন সাহিত্যিক বুদ্ধিজীৱি উপস্থিত থাকে৷ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰহগোহাঁঞিয়ে সভাপতিত্ব কৰা সভাখনৰ আঁতধৰে মনোৰম গগৈয়ে৷

গ্ৰন্থ উন্মোচনীৰ এই অনুষ্ঠানত বিবেকানন্দ প্ৰেক্ষাগৃহত দেখা গ'ল অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰা, আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, হীৰেণ গোহাঁইৰ সহধৰ্মিনী ৰাণী গোহাঁই, মাৰ্ক্সবাদী নেতা অৱনী বৰঠাকুৰ, চি পি আই এমৰ নেতা হেমেন দাসৰ লগতে নবীন-প্ৰবীণ অনেক সাহিত্যিক আৰু বিশিষ্ট লোকসকলক৷

প্ৰায় সাতশ পৃষ্ঠাজোৰা এই পুথিখনৰ সম্পাদনা কৰা প্ৰভাত বৰুৱাই সভাৰ আৰম্ভণিতে আগবঢ়োৱা আদৰণী ভাষণত কিতাপখনৰ উপৰিও ড০ হীৰেণ গোহাঁইৰ বিশাল ব্যক্তিত্ব আৰু সমাজখনক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে৷ ইয়াৰ পিছতে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই গোহাঁই ডাঙৰীয়াৰ চিন্তাধাৰা সম্পৰ্কে কোৱাৰ লগতে অসমীয়া সমাজখনৰ স্বাৰ্থত গোহাঁইয়ে নিজ স্বাৰ্থৰ আত্মবলিদানৰ সম্পৰ্কতো মন্তব্য কৰে৷ ভাষণৰ প্ৰসংগত ভূঞাই কয়, 'গোহাঁই চাৰে সদায় সমাজৰ বাবে কাম আৰু চিন্তা কৰে৷ আৰু ভৱিষ্যতলৈ সকলোৰে মাজত সেইসকল লোক জীয়াই থাকে যিসকলে নিজ স্বাৰ্থৰ উৰ্ধ্বত গৈ সমাজৰ স্বাৰ্থৰ কথা চিন্তা কৰে৷ মন্ত্ৰী বিধায়কে-যিমানেই গালি গালাজ নাপাৰক কিয় সেই গালি গালাজে গোহাঁই ডাঙৰীয়াক স্পৰ্শও কৰিব নোৱাৰে৷'

পুথিখনৰ উন্মোচক হৰেকৃষ্ণ ডেকাই গোহাঁই সন্দৰ্ভত কয়, 'গোহাঁইয়ে নিজ স্বাৰ্থৰ কথা নাভাবিলে কাৰণে উচ্চশিক্ষা গ্ৰহণ কৰাৰ পাছতো তেওঁ পুনৰ অসমলৈ ঘূৰি আহিছে৷ ৰাস্তালৈ ওলাই আহি আন্দোলন কৰিবলৈ মই তেওঁৰ পৰাই শিকিছো৷' ডেকাই লগতে গোহাঁইৰ সাহিত্য ৰচনাৰ বিষয়েও ভাষণৰ প্ৰসংগত এইদৰে কয়, 'গোহাঁইয়ে খুবেই ধুনীয়া কবিতা লিখিছিল৷ গোহাঁইৰ কবিতাত কবিতাৰ আঁচল ব্যঙ্গও সুন্দৰ ৰূপত ফুটি উঠিছিল৷' ডেকাই লগতে কয়, ৰামধেনু আলোচনীত হীৰেণ গোহাঁইয়ে নিৰঞ্জন ফুকন চদ্মনামত লিখিছিল বহু কবিতা৷

অনুষ্ঠানটোত ললিত বৰুৱাই বক্তব্য দাঙি ধৰাৰ পিছতে অসুস্থ দেহাৰে চমুকৈ দুআষাৰ বক্তব্য দাঙি ধৰে ড০ হীৰেণ গোহাঁইয়ে৷ সভাত উপস্থিত থকা সকলোকে সম্বোধন কৰি গোহাঁইয়ে খুহুতীয়া কথাৰে বক্তব্যৰ পাতনি মেলে৷ ল'ৰালিতে দেখা জাতিৰ পিতা মহাত্মা গান্ধীৰ চিন্তাধাৰা সুঁৱৰি গোহাঁইয়ে কয়, 'দেশৰ বাবে গান্ধীয়ে যি কৰিছিল, সেয়া এতিয়াহে ভালকৈ উপলব্ধি কৰো৷' ইয়াৰ উপৰিও বিভিন্ন ৰাজনৈতিক নেতাই তাচ্চিল্য কৰাক লৈও গোহাঁইয়ে কয়, 'বহুতে বহু মন্তব্য ৰাখে৷ সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে৷ মই সেইবিলাক কথাত বৰ গুৰুত্ব নিদিও৷ কিন্তু আজিৰ এই অশান্ত অসমৰ কথা উমান পায়েই মই কৰা চিন্তা ধাৰণাক কোনোবাই যদি তাচ্চিল্য কৰে সেয়া মই সহজেই গ্ৰহণ কৰো৷ মই অকলশৰীয়া নহয়, কিয়নো সংগ্ৰামৰ বাবে ৰাজপথলৈ মই যেতিয়া ওলাও তেতিয়াতো মোক কোনেও অকলশৰে পোৱা নাই! গতিকে এখন সম্প্ৰীতিৰ অসম গঢ়াৰ ক্ষেত্ৰত সকলো আগবাঢ়ি আহিব লাগে৷'

অনুষ্ঠানৰ শেষত ছৈখোৱা কাণ্ডৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গোহাঁইয়ে কয়, 'এয়া এক শক্তিশালী ৰাজনৈতিক চক্ৰৰ কু-অভিসন্ধি যেন মোৰ বোধ হয়৷ অসমখন অশান্ত কৰাৰ এয়া এক পৰিকল্পনা৷' ইয়াৰ উপৰিও বহু বিধায়ক-মন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য কৰাৰ স্বত্বেও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ আশ্বৰ্য প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱিগৰাকীয়ে৷ ছৈখোৱা কাণ্ডৰ উচিত তদন্তৰ লগতে অসমখনত শান্তি বিৰাজ কৰাৰ ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব লাগে বুলিও গোহাঁইয়ে মন্তব্য কৰে৷

ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ সহকাৰী সম্পাদক মিলন নেওগ৷ অনুষ্ঠানটোত ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰী কৈলাশ ৰাজখোৱাইও বক্তব্য ৰাখে৷ সভাৰ শেষত সভাপতি নিৰুপমা বৰগোহাঁঞিয়ে অসম আন্দোলনৰ সময়ত গোহাঁইৰ ভূমিকা সম্পৰ্কে কোৱাৰ লগতে গোহাঁইৰ স্বাস্থ্যৰ যতন ল'বলৈ পত্নী ৰাণী গোহাঁইক অনুৰোধ জনায়৷