ৰঙালীৰ উপহাৰ বিতৰণ
ৰঙালীৰ উপহাৰ বিতৰণ 
গুৱাহাটী

ৱাৰিয়ৰ্ছৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক ৰঙালীৰ উপহাৰ বিতৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৱাৰিয়ৰ্ছৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ পামহি(গড়চুক)স্থিত পাৰিজাত একাডেমীত 'ৰঙালীৰ উপহাৰ বিতৰণ' শীৰ্ষক কাৰ্যসূচী সফলভাৱে ৰূপায়ন কৰা হয় । এই কাৰ্যসূচী অনুসৰি পাৰিজাত একাডেমীত শিক্ষা গ্ৰহণ কৰি থকা এশগৰাকী ছাত্ৰ-ছাত্ৰীক নতুন কাপোৰ প্ৰদান কৰা হয় ।

ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কাঠ পেঞ্চিল আৰু ৰঙ পেঞ্চিলৰ পেকেট উপহাৰ হিচাপে দিয়া হয় । ইয়াৰ উপৰিও তেওঁলোকক কাজু বৰ্ফি, চকলেট আৰু ফ্ৰুতি খুউৱা হয় । অনুষ্ঠানটি আনুষ্ঠানিকভাৱে চলাই নিয়াৰ বাবে ৱাৰিয়ৰ্ছৰ কামৰূপ জিলা সমিতিৰ সভাপতি সোণমণি বায়ন ডাঙৰীয়াৰ পৌৰোহিত্বত এখনি সভাৰ আয়োজন কৰা হয় ।

এই সভাত উদ্দেশ্য ব্যাখ্যা কৰে ৱাৰিয়ৰ্ছৰ কামৰূপ জিলা সমিতিৰ সম্পাদিকা নিজৰা চেতিয়াই । মঞ্চত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণ ৷ লগতে মঞ্চ শুৱনি কৰে ৱাৰিয়ৰ্ছৰ কামৰূপ জিলা সমিতিৰ উপ-সভাপতি দিগন্ত নাথ ডাঙৰীয়াই ।

বিশিষ্ট অতিথি উত্তম টেৰণক এখনি ফুলাম গামোচা আৰু এটা চাৰ্টেৰে সম্বৰ্ধনা জনোৱা হয় । সেইদৰে আন দুগৰাকী বিশিষ্ট ব্যক্তিকো একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

তদুপৰি পাৰিজাত একাডেমীৰ প্ৰতিস্থাৰ আঁৰত থকা আন দুগৰাকী মহীয়সী নাৰী আইমণি টুমুং আৰু বৈজয়ন্তী টেৰণ সন্দিকৈকো ফুলাম গামোচা আৰু একোটা কলমেৰে সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে নিজৰা চেতিয়াই । সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই সভাপতিয়ে বিশিষ্ট অতিথিক বক্তব্য ৰাখিবলৈ অনুৰোধ জনায় ।

বিশিষ্ট অতিথি টেৰণে নিজৰ ভাষণত ৱাৰিয়ৰ্ছৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে আৰু অনাগত দিনবোৰত তেখেতসকলৰ স্কুলত এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ টানি অনুৰোধ জনায় । লগতে সভাত নিজৰ বক্তব্য প্ৰদান কৰে কামৰূপ জিলা সমিতিৰ হেমাশ্ৰী শইকীয়া আৰু অন্নদাই ৷ গুৱাহাটী সদৰ আঞ্চলিকৰ ফালৰ পৰা বক্তব্য ৰাখে গীতাঞ্জলি দেৱী আৰু বন্দিতা দত্ত শৰ্মাই।

বিশিষ্ট অতিথিৰ ভাষণৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সামগ্ৰীসমূহ বিতৰণ কৰা হয় । শেষলৈ সভাপতিৰ বক্তব্যত বায়ন ডাঙৰীয়াই পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক টেৰণ ডাঙৰীয়াই ৱাৰিয়ৰ্ছলৈ আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে ভূয়সী শলাগ লয় । আৰু অনাগত দিনত ৱাৰিয়ৰ্ছৰ বেনাৰত তেখেতসকলৰ বিদ্যালয়ত এনেধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে অহা ৩০ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বিনামূলীয়া চকু চিকিৎসা শিবিৰলৈও তেখেতসকলক নিমন্ত্ৰণ জনায় । সদৌ শেষত শলাগৰ শৰাই আগবঢ়ায় নিজৰা চেতিয়াই । ইয়াৰ পিছতেই সভাপতিয়ে সভা ভংগ কৰে । আনুষ্ঠানিকভাৱে পাৰিজাত একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ সমৱেত গীত আৰু বিহু নৃত্য পৰিৱেশন কৰে। এই গীত আৰু নৃত্যত ৱাৰিয়ৰ্ছৰ কৰ্মকৰ্তাসকলেও ভাগ লয়।