গুৱাহাটী

অসমৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু কৃষক মুক্তি, আন্দোলনৰ সমান্তৰালভাৱে চলিব আইনী যুঁজোঃ কেববিৰোধী প্ৰতিবাদত কপিঁল দিছপুৰ…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে বিধেয়কখনত অনুমোদন জনোৱাৰ পিছত অধিক তীব্ৰতৰ হৈ উঠিছে দল–সংগঠনৰ আন্দোলন। বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীৰ দিছপুৰ লাষ্টগে'ট প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি।

হাতে হাতে CABবিৰোধী বেনাৰ–পোষ্টাৰ লৈ সহস্ৰাধিক প্ৰতিবাদীয়ে কঁপাই তুলিলে দিছপুৰৰ লাষ্টগে'ট। জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি চৰকাৰক কঠোৰ সকীয়নি দিয়ে প্ৰতিবাদকাৰীয়ে।

সংবাদমাধ্যমক কৃষক নেতা অখিল গগৈয়ে কয় – '১৭ বাৰ আক্ৰমণ কৰিও মোগলে অসম দখল কৰিব পৰা নাছিল। ২০২১ চনত অসম আৰু গেৰুৱা হৈ নাথাকে। অসমৰ মানুহে বিজেপিৰ ষড়যন্ত্ৰ ভালকৈয়ে বুজি পাইছে। কেব গৃহীত হ'লেও এজনো বিদেশীক অসমৰ মাটিত থাকিবলৈ দিয়া নহ'ব। 'নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে আন্দোলনৰ লগতে সমান্তৰালভাৱে চলিব আইনী যুঁজো। ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কৃষক মুক্তি সংগ্ৰাম সমিতি। দুৰ্বল নহ'ব ৰাজপথৰ আন্দোলনো। অসমৰ বাবে সকলো ত্যাগৰ বাবে সাজু আছে কৃষক মুক্তি।'

আছুৰ সৈতে ঐক্যবদ্ধ আন্দোলনৰো পোষকতা কৰে অখিল গগৈয়ে। এয়া অসমৰ সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হোৱাৰ সময় বুলি মন্তব্য কৰে অখিল গগৈয়ে। ইফালে লাষ্টগে'টৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিবাদকাৰীক গোৱালপাৰাৰ কৃষ্ণাইত ৯৮জন প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। তিনিখন বাছসহ কৃষক মুক্তিৰ সদস্যসকলক আটক কৰে কৃষ্ণাই আৰক্ষীয়ে।