গুৱাহাটী

দিছপুৰ বিধায়ক আৱাসৰ কাষতে চোৰে চলালে লুটপাত…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্মাৰ্ট আৰক্ষীৰ টোপনিৰ আৰঁত সোমবাৰে নিশা দিছপুৰৰ বিধায়ক আৱাসৰ কাষতে চোৰে চলালে লুট পাত । ঘটনাৰ বিৱৰণী অনুসৰি বিধায়ক আৱাসৰ কাষৰ পথৰ দুখনকৈ দোকানত সোমবাৰে নিশা চোৰে টিন কাটি নগদ ধন লুট কৰি নিয়ে ।

উল্লেখ্য যে পদ্মা মেডিকোজ নামৰ ফাৰ্মাচী খনত টিন কাটি কেচ বাকচৰ পৰা নগদ ৩০০০০ টকাৰ লগতে প্ৰেচাৰ জোখা মেচিন চোৰে চুৰ কৰে । ইফালে পিছত পুৱা দোকান খুলিব আহি ফাৰ্মাচীখনৰ গৰাকীয়ে দোকানৰ ভিতৰত লণ্ড ভণ্ড দেখি আৰক্ষীক খবৰ দিয়ে ।

আনহাতে ফাৰ্মাচীখনৰ লগতে থকা কাষৰ গেলা মাল দোকানতো চোৰে লুট কৰি দোকানৰ সামগ্ৰী লৈ যায় বুলি গৰাকীয়ে জানিবলৈ দিয়ে। এই চোৰৰ চুৰি কাৰ্য সমগ্ৰ ঘটনা চি চি টিভিত বন্দী হয় যদিও আৰক্ষীয়ে ফুটেজ সংগ্ৰহ কৰি চোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও দিছপুৰ আৰক্ষী সফল হব পৰা নাই।