গুৱাহাটী

দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলনৰ আয়োজন…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটীৰ দিশপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু আভ্যন্তৰীণ গুণগত মাপ নিৰ্ণয়ক কোষ আৰু অসম কলেজ গ্ৰন্থাগাৰিক সন্থাৰ সহযোগত অহা ১১ জুলাই শনিবাৰে সন্ধিয়া ৬,৩০ বজাৰ পৰা ৮.৩০ বজালৈ 'লেংগুৱেজ এণ্ড কমিউনিকেশ্বন ফৰ লিভিং এণ্ড ৱৰ্কিং' শীৰ্ষক বিষয় বস্তুৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলনৰ আয়োজন কৰিছে।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অমৰ শইকীয়াৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হ'ব লগা সন্মিলনখনত বিষয় সূচক বক্তৃতা প্ৰদান কৰিব ভাৰতবৰ্ষৰ আগশাৰীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা প্ৰাক্তন বিভাগীয় প্ৰধান ড০ মায়া শংকৰ পাণ্ডে আৰু সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰিব একেখন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ কৃষ্ণ মোহন পাণ্ডে ।

অসম কলেজ গ্ৰন্থাগাৰিক সন্থাৰ আই চি টি কোষৰ তথা কলিয়াবৰ কলেজৰ গ্ৰন্থাগাৰীক ড০ বীৰেন্দ্ৰ পাল আৰু দিশপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক তথা আই কিউ এ চিৰ সমন্বয়ক ড০ অজয় মিত্ৰ ৱেব সন্মিলনখত কাৰিকৰী দিশ তদাৰক কৰিব।

বৰ্তমানৰ জটিল পৰিস্থিতিত ছাত্ৰ সমাজক ভাষা আৰু যোগাযোগৰ বিভিন্ন দক্ষতা সম্পৰ্কে আলোচনা হব লগা সন্মিলনখনত সমূহ অধ্যপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী আৰু সদাশয় ব্যক্তিক জুম অথবা ফেচবুক লাইভ ৰ জৰিয়তে অংশ গ্ৰহণ কৰিবলৈ দিশপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক তথা ৱেব সন্মিলনৰ আহভয়ক আৰু অসম কলেজ গ্ৰন্থাগাৰিক সন্থাৰ সাধাৰণ সম্পাদক তথা মহানগৰীৰ কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰীক ড০ প্ৰশান্ত কুমাৰ ডেকাই এক প্ৰেছ বিবৃতি যোগে আহ্বান জনায়।