গুৱাহাটীৰ ৰাজপথত ডিজিটেল ভিক্ষাৰী !
গুৱাহাটীৰ ৰাজপথত ডিজিটেল ভিক্ষাৰী ! 
গুৱাহাটী

গুৱাহাটীৰ ৰাজপথত ডিজিটেল ভিক্ষাৰী !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এয়া ডিজিটেল ইণ্ডিয়া। ডিজিটেল ইণ্ডিয়াত সকলো কাম ডিজিটেলীয়েই হয়। অফিচ-কাছাৰীৰ কাম কাজৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো কামেই এতিয়া ডিজিটেলী কৰিব পাৰি।

বিশেষকৈ ধনৰ লেনদেনৰ বাবে এই ডিজিটেল ইণ্ডিয়াত মানুহে বেংকত গৈ শাৰী পাতিবলৈ আগ্ৰহী নহয়। অনলাইন মাধ্যমেৰেই সকলো লেনদেন কৰিবলৈ আগ্ৰহী সকলো।

ইয়াৰ ব্যতিক্ৰম নহয় ভিক্ষা বৃত্তিত জড়িতসকলো। মানুহে হাতত নগদ মুদ্ৰা ৰাখিবলৈ এৰাৰ বাবে ভিক্ষাৰীসকলৰ ভিক্ষা বৃত্তিত ইয়াৰ প্ৰভাৱ নপৰা নহয়। সেয়ে একাংশ ভিক্ষাৰীয়ে এতিয়া ইয়াৰো এক বিকল্পৰ সন্ধান কৰিছে।

ভিক্ষাৰীসকলেও ভিক্ষা বৃত্তিৰ বাবে ডিজিটেল মাধ্যমকেই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। নগদ মুদ্ৰা নাথাকিলেও ইচ্ছা কৰিলে এতিয়া ভিক্ষাৰীক ইউ পি আইৰ জৰিয়তে ভিক্ষা দিব পাৰিব।

সামাজিক মাধ্যম এক্সত এজন দৃষ্টিহীন ভিক্ষাৰীৰ এটা দৃশ্যই এতিয়া লাভ কৰিছে বিশেষ চৰ্চা। গুৱাহাটীৰ ৰাজপথৰ বুলি দাবী কৰা এই দৃশ্যত দেখা গৈছে এজন ভিক্ষাৰীয়ে কিউ আৰ কোড ব্যৱহাৰ কৰি ভিক্ষা লৈছে। কংগ্ৰেছ নেতা গৌৰৱ সোমানিয়ে এই ভিডিঅ' আপলোড কৰিছে এক্সত।

ভিডিঅ'টোত দেখা গৈছে এজন ব্যক্তিয়ে ডিঙিত ফোন পে'ৰ এটা কিউ আৰ কোড আঁৰি লৈছে। তেওঁ আহি এখন গাড়ীৰ চালকৰ কাষত ৰৈছে আৰু চালকজনে নিজৰ মোবাইলটো উলিয়াই কিউ আৰ কোড স্কেন কৰি ভিক্ষা দিছে। সেই সময়তে ভিক্ষাৰীজনে নিজৰ মোবাইলটো উলিয়াই কাৰোবাৰ সৈতে কথাও পাতিছে।

এই দৃশ্য এতিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ এইদৰে কিউ আৰ কোড লৈ ভিক্ষা বিচৰা বিভিন্ন চহৰৰ বহু ভিক্ষাৰীৰ বহু কেইটা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই দৃশ্যই ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।