গুৱাহাটী

কটন বিশ্ববিদ্যালয়ত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ আয়োজন…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা আৰু নাৰী সাৰস্বত মঞ্চৰ যুটীয়া উদ্যোগত সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা এখনি অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত বৃহস্পতিবাৰে হ'বলগীয়া এই তৰ্ক প্ৰতিযোগিতাৰ বিষয়- " নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ উত্তৰ-পূব ভাৰতৰ নাগৰিক সকলৰ স্বাৰ্থৰ পৰিপন্থী আৰু ভাৰতীয় সংবিধানৰ প্ৰতি ভাবুকি স্বৰূপ" বুলি ছাত্ৰ একতা সভাই জানিবলৈ দিছে।

এই প্ৰতিযোগিতাখনত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ প্ৰতিযোগীয়ে মুকলিকৈ অংশ গ্ৰহণ কৰিব পাৰিব। লগতে বিজয়ী প্ৰতিযোগীসকলক নগদ ধনৰ লগতে ট্ৰফীৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। উক্ত প্ৰতিযোগিতাত ইচ্ছুক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিবলৈ ৯৯৫৪৮-৬৪২১১ আৰু ৯৩৬৫৭-৬৯২৫৫ নম্বৰত ছাত্ৰ একতা সভাৰ সদস্যৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।