গুৱাহাটী

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তুষাৰ ভূঞালৈ ২০১৯ বৰ্ষৰ ষ্টাৰ য়ুথ আইকনিক বঁটা

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ উদীয়মান শিল্পী তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তুষাৰ ভূঞালৈ ষ্টাৰ য়ুথ আইকনিক বঁটা। এই বঁটা লাভ কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰগৰাকীয়ে। অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ তুষাৰ ভূঞাই সংগীতৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই অনাৰ বাবে ষ্টাৰ এৱাৰ্ডছে বিশেষ বঁটা আগবঢ়াইছে।

বৰপেটা নিবাসী হৰেন ভূঞা আৰু ৰঞ্জুমণি ভূঞাৰ সু-সন্তান তুষাৰে কটন বিশ্ববিদ্যালয়ৰ ২০১৫-১৬ আৰু ২০১৭-১৮ বৰ্ষত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰা লগতে কটন বিশ্ববিদ্যালয়ৰ নবীনৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্বত আছে। ইফালে, বিগত বছৰসমূহৰ দৰে এইবছৰো সাংস্কৃতিক, স্বাস্থ্য, শিক্ষা আৰু খেল জগতৰ বিভিন্ন শিতানত প্ৰায় ১০৪ গৰাকী ব্যক্তিয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।