গুৱাহাটী

কটন বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ জন্মবাৰ্ষিকী উপলক্ষে গণসংযোগ দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ড৹ ভূপেন হাজৰিকাৰ ৯২সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগে গণসংযোগ দিৱস উদযাপন কৰে। বিশ্ববিদ্যালয়খনৰ বিভাগ কেইটাৰ এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰতিস্থাপক সমন্বয়ক ড৹ সত্যেন্দ্ৰকুমাৰ চৌধুৰী, বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অভিজিত বৰদলৈ, ভূ তত্ব বিভাগৰ সহযোগী অধ্যাপক ড৹ শান্তনু শৰ্মা, পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক অভিজিত বৰঠাকুৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথ্যচিত্ৰ নিৰ্মাতা দ্বীপ ভূঞাৰ লগতে অন্যান্য বহুলোকে। অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা।

ভাষণ প্ৰসংগত ভুঞাই সুধাকন্ঠক তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ গুৰু তথা দেৱ মানৱ হিচাবে অভিহিত কৰে। বিভাগ কেইটাক ভূপেন হাজৰিকাৰ নামেৰে নামকৰণক লৈ তেওঁ কয়, 'অসমত ভূপেন হাজৰিকাৰ সন্মানাৰ্থে গ্ৰহণ কৰা কাৰ্য্যসূচী সমূহৰ ভিতৰত আটাইতকৈ উল্লেখনীয় কাৰ্য্য।'

অনুষ্ঠানটিত ড৹ সত্যেন্দ্ৰকুমাৰ চৌধুৰীয়ে সুধাকণ্ঠৰ কেইবাটাও গীতত বেহেলা বাদনেৰে সকলোকে আপ্লুত কৰে। উল্লেখ্য যে, অনুষ্ঠানটোৰ লগত সংগতি ৰাখি 'বৰলুইত' শীৰ্ষক বিভাগীয় প্ৰাচীৰ পত্ৰিকাও  উন্মোচন কৰা হয়।