'কটনে জাগ্ৰত কৰে কটনিয়ানৰ দেশাত্মবোধ'
'কটনে জাগ্ৰত কৰে কটনিয়ানৰ দেশাত্মবোধ'  
গুৱাহাটী

'কটনে জাগ্ৰত কৰে কটনিয়ানৰ দেশাত্মবোধ'

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ 'কটন কলেজত কটনিয়ান হোৱাৰ যোগ্যতাৰ ফলত এগৰাকী দৰিদ্ৰ কিন্তু মেধাবী ছাত্ৰৰ জীৱনলৈ যি পৰিবৰ্তন আহে তাৰ ফলতেই জাগ্ৰত হৈ উঠে গভীৰ দেশাত্মবোধ আৰু সমাজৰ প্ৰতি উৎসৰ্গিত এক জীৱন দৰ্শন। এনে কটনিয়ানৰ অলেখ উদাহৰণেৰে সমুজ্বল হৈ আছে কটনৰ ইতিহাস।' এই উপলব্ধি ব্যক্ত কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাই।

আজি 'কটনিয়ান'ৰ শতবৰ্ষ উপলক্ষে অনুষ্ঠিত হোৱা বক্তৃতামালাৰ দ্বিতীয় বক্তৃতানুষ্ঠানত " কাহিনী কথক কটনিয়ান : 'কটনিয়ান'ৰ কাহিনী" শীৰ্ষক বক্তৃতা প্ৰদান কৰি শ্ৰী শৰ্মাই তেওঁৰ পিতৃ তথা কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰথম গৰাকী সম্পাদক প্ৰয়াত তিলক শৰ্মাৰ জীৱন-কাহিনী উত্থাপনেৰে এটি মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।

কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনৰ আলোচনা কক্ষত অনুষ্ঠিত এই বক্তৃতা বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা দীপশিখা ডেকাই পৰিবেশন কৰা এটি জ্যোতিসংগীতেৰে আৰম্ভ হয়। সভাৰ আৰম্ভণিতে ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদিব ভাগৱতীয়ে তেওঁৰ আদৰণি ভাষণত কটনিয়ানসকলৰ বিভিন্ন ক্ষেত্ৰত থকা ভূমিকাৰ কথা ব্যক্ত কৰে।

শ্ৰীশৰ্মাৰ পৰিচয়সূচক টোকা ডাঙি ধৰে অধ্যাপক মহেশ্বৰ কলিতাই। "কটনিয়ান" আলোচনীখনে কিদৰে এজন গল্পকাৰ অপূৰ্ব শৰ্মাক সৃষ্টি কৰিলে তাৰ ব্যাখ্যা আগবঢ়াই শ্ৰী শৰ্মাই সাম্প্ৰতিক অসমীয়া সাহিত্যত কটনিয়ান সকলে দীৰ্ঘদিন ধৰি আগবঢ়াই অহা অৱদান উল্লেখ কৰে।

অনুষ্ঠানটোত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ভালেমান ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। 'কটনিয়ান'ৰ বৰ্তমানৰ সম্পাদক অংকুৰজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটো অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে সমাপ্ত হয়।