ডিজিটেল সংবাদ, গুৱাহাটীঃ মীন বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক দুৰ্নীতি তথা অনিয়মৰ অভিযোগ। মাছৰ নিবিদাক লৈ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ নিবিদা আবেদনকাৰীয়ে।
জানিব পৰা মতে, বিৰুবাৰীস্থিত মীন সঞ্চালকালয় ভৱনৰ ওচৰত থকা ঐতিহাসিক ভাৰতৰত্ন গোপীনাথ বৰদলৈ সৰোবৰত থকা মাছৰ নিবিদাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে মীন বিভাগৰ সঞ্চালকে যোৱা ১০ জুলাইত আহ্বান জনোৱা এক নিবিদা ( নিবিদা নং-এ এফ(এছ)/২১০/ ২০১৬-১৭/পি টি/৬৩৫১)ত অনিয়ম তথা খেলিমেলিৰে সম্পন্ন কৰা বুলি অভিযোগ তুলি ৪ ভূক্তভোগী তথা আবেদনকাৰী ক্ৰমে হেঙেৰাবাৰীৰ পংকজ ডেকা, অনিমেষ বৰ্মন, কালাপাহাৰৰ বিদ্যুৎ শ্বাহাজী আৰু বেতকুঁছিৰ নাদিম চৌকতে যোৱা ২ আগষ্টত অসমৰ মীন মন্ত্ৰী আৰু মীন বিভাগৰ আয়ুক্ত সচিবক পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰে।
দাখিল কৰা অভিযোগ পত্ৰ দুখনত ভূক্তভোগী আবেদনকাৰী সকলে উল্লেখ কৰে যে যিটো নিবিদা বাকচ ২৫ জুলাইত বিভাগীয় নিয়মানুসৰি বিয়লি ২.৩০ বজাত আবেদনকাৰীৰ উপস্থিতিত খোলাৰ কথা আছিল, সেয়া বিভাগৰ ফালৰ পৰা কিছুমান অসুবিধাৰ বাবে ৩০ জুলাইত খোলা হ'ব বুলি এজন কৰ্মচাৰীয়ে সদৰী কৰিছিল।
কিন্তু ৩০ জুলাইত পুৱা ১০ বজাত মীন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত আবেদনকাৰী কেইজন অহাৰ পিছত বিভাগীয় তৰফৰপৰা যোৱা ২৬ জুলাইতে সেই নিবিদা বাকচ খোলা হয় বুলি অবগত কৰে। আবেদনকাৰীৰ অনুপস্থিতিত কিয় নিবিদা বাকচ খোলা হ'ল নে গোপন লেনদেনৰ ভিত্তিত মনপছন্দৰ নিবিদাকাৰীৰ পুনৰ আবেদনপত্ৰ গ্ৰহণ কৰা হ'ল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত।
এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ প্ৰক্ৰিয়াটোত ব্যাপক অনিয়ম তথা খেলিমেলি হোবাৰ অভিযোগ তুলি সেই নিবিদা পুনৰ নতুনকৈ আহ্বান কৰাৰ বাবে ভূক্তভোগী আবেদনকাৰী কেইজনে মীন মন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মীন বিভাগৰ আয়ুক্ত সচিবক অনুৰোধ জনাইছে।